কাগজ আৰু পেলনীয়া কাপোৰক প্ৰাণ দিব জনা গোৱালপাৰাৰ পূৰবী আৰু জাহ্নৱীৰ কাহিনী...

গোৱালপাৰাৰ দুই ভগ্নীয়ে একেলগে দেখা এটা সপোনৰ নাম-  কাঁচিয়লি। নতুন নতুন চিন্তাৰে সৃষ্টিশীল কামত মনোনিৱেশ কৰা পূৰবী দাস আৰু জাহ্নৱী দাসৰ কাহিনী এয়া। এইবেলি নন্দিনীৰ প্ৰায় অৰ্ধ শতাধিক বিপনীৰ মাজত

New Update
ujjjdd

ডিজিটেল ডেস্কঃ  গোৱালপাৰাৰ দুই ভগ্নীয়ে একেলগে দেখা এটা সপোনৰ নাম-  কাঁচিয়লি। নতুন নতুন চিন্তাৰে সৃষ্টিশীল কামত মনোনিৱেশ কৰা পূৰবী দাস আৰু জাহ্নৱী দাসৰ কাহিনী এয়া। এইবেলি নন্দিনীৰ প্ৰায় অৰ্ধ শতাধিক বিপনীৰ মাজত সকলোৰে চকুত লগা এখন বিপনী হৈছে কাঁচিয়লি।

80037680-3b43-4899-b4e3-df2ab8ff22dd

কোৰোনা মহামাৰী সময়তে দুগৰাকী ভগ্নীয়ে অতি হেপাঁহেৰে আৰম্ভ কৰিছিল এটা ব্যৱসায়। কাগজ আৰু পেলনীয়া কাপোৰৰ লগতে অন্য ভিন্ন সামগ্ৰীৰে তেওঁলোকে প্ৰস্তুত কৰিছিল আটকধুনীয়া কাণফুলিৰ লগতে মহিলাৰ সৌন্দৰ্যবৰ্ধনৰ কিছু সামগ্ৰী। তেওঁলোকে নিজৰ হাতেৰে প্ৰস্তুত কৰা এই সামগ্ৰীবোৰ দেখা অতিকৈ আকৰ্ষণীয়। 

64dc16d0-4a21-4975-b15f-0d2cbc37e4d3

ডাঙৰ ভগ্নী পূৰবী দাসে এটা চাকৰিও কৰে। কিন্তু যেতিয়াই সময় পায় তেতিয়াই সময় দিছে কাঁচিয়লিক। এটা সন্তানৰ দৰে তেওঁলোকে যেন মৰম আৰু আদৰেঁৰে ডাঙৰ কৰিছে কাঁচিয়লিক। অসমীয়া প্ৰতিদিন ডিজিটেলৰ সৈতে হোৱা এক সাক্ষাতকাৰত পূৰবী দাসে কয় যে, আমি অতি হেপাঁহেৰে নিজে গ্ৰাহকৰ প্ৰস্তুত কৰো সামগ্ৰীবোৰ। সেয়ে হয়তো আমাৰ বিপনীৰ সামগ্ৰীবোৰ অইন বিপনীতকৈ কিছু পৃথক।'

e2460710-4980-43f3-8490-cb37ecbfe59c

কিছু কাণফুঁলিৰ আকাৰ যথেষ্ট ডাঙৰ যদিও ইয়াৰ ওজন কিয় ইমান কম? এই প্ৰশ্নৰ উত্তৰত পূৰবী দাসে কয় যে, আমি এই কাণফুঁলিসমূহ বিশেষকৈ কাগজ আৰু কাপোৰেৰে প্ৰস্তুত কৰো। দৰ্জীয়ে পেলাই দিয়া ভিন্ন ৰঙৰ কাপোৰ আমি সংগ্ৰহ কৰো আৰু সেই কাপোৰবোৰ আমি আমাৰ কামত লগাও।

c6e262a2-0420-4b95-875b-a63076ce26a7

হস্তনিৰ্মিত এনে সামগ্ৰীসমূহৰ দাম সাধাৰণতে মেচিনত প্ৰস্তুত কৰা সামগ্ৰীতকৈ বেছি হয়। এই ক্ষেত্ৰত একাংশ গ্ৰাহকৰ মানসিকতাৰ কথাও পূৰবী দাসে আমাক মুকলিকৈ ক'লে। তেওঁ কয় যে, নিজৰ হাতৰ পৰশত প্ৰাণ পাই উঠা সামগ্ৰীৰ সৌন্দৰ্য সদায়েই সুকীয়া। মেচিনত প্ৰস্তুত কৰা সামগ্ৰীৰ সেই সৌন্দৰ্য নাথাকে। মানুহে এই কথা বুজি পাব লাগিব। একাংশ গ্ৰাহকে বুজি পায় যদিও একাংশই ইয়াক লৈ অসন্তুষ্টিও ব্যক্ত কৰে।

পূৰবী দাস আৰু জাহ্নৱী দাসে অনলাইনৰ জৰিয়তেও এই সামগ্ৰীসমূহ গ্ৰাহকৰ ওচৰলৈ লৈ যায়। সামাজিক মাধ্যমত তেওঁলোকৰ সামগ্ৰীৰ আছে যথেষ্ট চাহিদা। ভৱিষ্যতে এই ব্যৱসায়টোক অধিক ডাঙৰ কৰাৰ সপোন মনত পুহি ৰাখিছে দুই ভগ্নীয়ে। 

de96cdea-336c-404d-85cb-50ffe20f58c7

নন্দিনীলৈ এইবাৰ প্ৰথমবাৰ আহিছে কাঁচিয়লি। কিন্তু প্ৰথমবাৰতেই গ্ৰাহকৰ যথেষ্ট সহাঁৰি পোৱা বুলিও ব্যক্ত কৰে তেওঁলোকে।সামগ্ৰীসমূহৰ ডিজাইন কেনেকৈ মনলৈ আহে বুলি সোধা প্ৰশ্নত তেওঁলোকে কয় যে, প্ৰকৃতিতেই লুকাই আছে অজস্ৰ ডিজাইন। আমি মাত্ৰ বিচাৰিব জানিব লাগিব। দুয়োগৰাকী ভগ্নীলৈ আমাৰ তৰফৰ পৰাও থাকিল অজস্ৰ শুভকামনা...

নন্দিনী