ডিজিটেল ডেস্কঃ জন্মু কাশ্মীৰত বছৰৰ প্ৰথম তুষাৰ পাত পৰিবলৈ আৰম্ভ হৈছে। উপত্যকাটোৰ বাৰমুলা, ৰামবান, অনন্তনাগকে ধৰি কাইবাখনো জিলাত শীতৰ ঋতুৰ তুষাৰপাত পৰিবলৈ লৈছে। শনিবাৰে উক্ত অঞ্চলকেইটাত তুষাৰ পাত হোৱাৰ ফলত স্কেটিং কৰিবলৈ আৰম্ভ কৰিছে।
মনকৰিবলগীয়া যে, গোটেই পৃথিৱীৰ স্কেটিং প্ৰেমীসকল শীতত কাশ্মীৰলৈ আগমণ ঘটে।এইবাৰো শ শ পৰ্যটক আহিছে। পহেলগামত শনিবাৰে পুৱা তুষাৰপাত হয়। এই অঞ্চলত তাপমাত্ৰা -০.৩ ডিগ্ৰীলৈ হ্ৰাস পাইছে। আনহাতে শ্ৰীনগৰত তাপমাত্ৰা ৫.৬ ডিগ্ৰীলৈ হ্ৰাস পাইছে।
গুলমাৰ্গ কাশ্মীৰ উপত্যকাৰ বাৰামুলাৰ এক বিখ্যাত পৰ্যটন স্থলী। ই শ্ৰীনগৰৰ পৰা ২১৭ কিলোমিটাৰ দূৰত। গোটেই পৃথিৱীৰ পৰা পৰ্যটকসকল স্কিইঙৰ বাবে ইয়ালৈ আহে।
এইয়া বুদগামৰ মিল্ক পাথৰি হিল ষ্টেচনৰ দৃশ্য। ই শ্ৰীনগৰৰ পৰা ৪২ কিলোমিটাৰ আৰু বুদগামৰ পৰা ১৪ কিলোমিটাৰ দূৰত অৱস্থিত। এই অঞ্লক কোৱা হয় গাখীৰৰ উপত্যকা। ইয়াত নদীৰ পানী তললৈ পৰে আৰু গাখীৰসদৃশ সোঁত গঠন কৰে।
এইয়া ৰামবান জিলাৰ মহু ভেলীৰ দৃশ্য। ইয়াত দীঘল ঘাঁহনি আছে। এই জিলালৈ আগমণ ঘটে বহু ভ্ৰমণকাৰীৰ। জিলাখনৰ মুঠ জনসংখ্যা ২.৮৪ লাখ।
এই দৃশ্য অনন্তনাগ জিলাৰ। এইয়া এটা বিখ্যাত পৰ্যটনস্থলী আৰু অমৰনাথ যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ ষ্টপ।
তুষাৰ পাতৰ ফলত আপেলৰ খেতিৰ যথেষ্ট ক্ষতি হৈছে। গছবোৰত অত্যাধিক বৰফ পৰাৰ বাবে বহুতো গছ ভাঙি গৈছে। লোকচানৰ সন্মুখীন হৈছে খেতিয়কসকল।
তুষাৰপাতৰ পিছত পহেলগামৰ ৰাস্তাবোৰ বৰফৰ বগা চাদৰে ঢাকি দিয়া হৈছে। যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে এই অঞ্চলত।
তুষাৰপাতৰ পিছত কাশ্মীৰৰ লোকসকল যান-বাহনৰ সমস্যাৰ সন্মুখীন হৈছে।
জম্মুৰ ৰামবান জিলাতো তুষাৰপাত হৈছে। ইয়াত জম্মু-শ্ৰীনগৰ ঘাইপথৰ মাজেৰে যোৱা লোকসকলৰ অসুবিধা হৈছে।