/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/1THSRINAGARPOLICE.jpg)
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰত সেনাৰ অপাৰেশ্যন অল আউট ব্যৰ্থ কৰিবলৈ অপহৰণৰ কূট-কৌশল আৰম্ভ কৰিছে সন্ত্ৰাসবাদীয়ে। পূৰ্বেও এনে ঘটনা সংঘটিত হৈ আহিছিল যদিও এইবাৰ ৪৮ ঘণ্টাৰ ভিতৰত ৰাজ্যখনৰ দক্ষিণ প্ৰান্তত অাৰক্ষীৰ শীৰ্ষ বিষয়াৰ পৰিয়ালৰ ১১জনকৈ সদস্যক অপহৰণ কৰে সন্ত্ৰাসবাদী সংগঠনে। এই অপহৰণ কাণ্ডৰ আঁৰত দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী ৰিয়াজ নাইকু জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে কাশ্মীৰ আৰক্ষীয়ে।
শুকুৰবাৰে নিশাৰ ভাগত হিজবুলৰ এইগৰাকী শীৰ্ষ নেতাই এক অডিঅ' বাৰ্তাৰ জৰিয়তে আৰক্ষীৰ পৰিয়ালৰ লোকসকলক চৰ্ত সাপেক্ষে মুকলি কৰি দিব বুলি জনায়। ইয়াৰ বাবে সন্ত্ৰাসবাদীজনে তিনিদিনৰ ভিতৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলক মুক্তি দিবলৈ চৰ্ত বান্ধি দিয়ে। যদিহে ৩ দিনৰ ভিতৰত মুক্তি নিদিয়ে তেন্তে ইয়াৰ পৰিণাম ভোগ কৰিব লাগিব বুলিও আৰক্ষীক সকীয়াই দিয়ে সন্ত্ৰাসবাদীজনে।
উল্লেখ্য যে, আলকায়দাৰ শাখা সংগঠন 'আনছাৰ গাজৱাত উল হিন্দ'ৰ প্ৰতিষ্ঠাতা জাকিৰ মুছাৰক পিছতে ৰিয়াজ নাইকু হৈছে এই মুহূৰ্তত কাশ্মীৰৰ দক্ষিণ প্ৰান্তৰ অন্যতম দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী যাক সেনা-আৰক্ষীয়ে পিটপিটাই বিচাৰি ফুৰিছে। যোৱা বুধবাৰে সন্ত্ৰাসবাদীৰ আক্ৰমণত ৪জনকৈ আৰক্ষী নিহত হোৱৰা পিছতে কাশ্মীৰ আৰক্ষীয়ে ৰিয়াজৰ পিতৃ আছাদউল্লাক গ্ৰেপ্তাৰ কৰে। ৰিয়াজৰ লগতে আৰু কেবাজনো সন্ত্ৰাসবাদী সদস্যৰ পৰিয়ালৰ লোককো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ইয়াৰ পিছতে ছপিয়ান, কুলগাম, পুলৱামা আৰু অনন্তনাগত আৰক্ষী বিষয়াৰ পৰিয়ালৰ সদস্যক অপহৰণ কৰে সন্ত্ৰাসবাদীসকলে। এজন এজনকৈ আৰক্ষী বিষয়াৰ ১১ জন সদস্যক অপহৰণ কৰাত সমগ্ৰ কাশ্মীৰতে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। বিশেষকৈ সন্ত্ৰাসবাদীসকলে আৰোপ কৰি দিয়া চৰ্তক লৈ বিমোৰত পৰে ৰাজ্যপালৰ শাসন চলি থকা কাশ্মীৰ প্ৰশাসন।
অৱশেষত উপায়ন্তৰ হৈ সন্ত্ৰাসবাদীৰ চৰ্ত মানি লৈ এই শ্বাসৰুদ্ধকৰ নাটখনৰ যৱনিকা পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে কাশ্মীৰ প্ৰশাসনে। এই অনুযায়ী এজন এজনকৈ গ্ৰেপ্তাৰ কৰা হোৱা সন্ত্ৰাসবাদী সদস্যসকলৰ পৰিয়ালৰ লোকসকলক মুক্তি দিবলৈ লয় কাশ্মীৰ আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা পৰিয়ালৰ সদস্যক মুকলি কৰি দিয়াৰ পিছত সন্ত্ৰাসবাদীসকলেও অপহৃত অৰক্ষী বিষয়াৰ পৰিয়ালৰ সদস্যসকলক মুকলি কৰি দিবলৈ আৰম্ভ কৰিছে।
উল্লেখ্য যে চলিত বৰ্ষত অভিযান চলাই সেনা-আৰক্ষীয়ে কাশ্মীৰত এই পৰ্যন্ত অতিকমেও ২৫০ জন সন্ত্ৰাসবাদীক হ্যতা কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ মাজতে সন্ত্ৰাসবাদীসকলে অপহৰণৰ নাটক আৰম্ভ কৰাত নতুন কৌশলৰ সন্ধানত নামিছে সেনা-আৰক্ষী।