/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/03/kashi-nath-barman-face-Untitled-2-copy.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ কাশীনাথ বৰ্মনৰ জন্মৰ ১২৫ বছৰ উপলক্ষে শনিবাৰে এখন স্মৃতি গ্ৰন্থ উন্মোচন আৰু স্মৃতি সভা অনুষ্ঠিত হয়। গুৱাহাটীৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আয়োজন কৰা স্মৃতি সভাত 'মৰহা ফুলৰ পাপৰী কাশীনাথ বৰ্মন স্মৃতিমাল্য' শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰে অবনী বৰঠাকুৰে।
এই অনুষ্ঠানত অংশ লয় বয়োজ্যেষ্ঠ অবনী বৰঠাকুৰে শিক্ষাবিদ কাশীনাথ বৰ্মনক অতি ঘনিষ্ঠভাৱে লগ পোৱাৰ কথা উল্লেখ কৰে। কাশীনাথ বৰ্মানৰ সাহিত্য কৃৰ্তিৰ বিষয়ে বিশেষ ক'তো উল্লেখ নাই বুলি মন্তব্য কৰে বৰঠাকুৰে।
নাৰীৰ অধিকাৰ, মৰ্যাদা আৰু প্ৰাসংগিকতাৰ বিষয়ে তেওঁ যি কথা কৈ গৈছিল সেয়া এতিয়াও বিৰাজমান বুলি কয় নব্বৈ উৰ্ধৰ অবনী বৰঠাকুৰে। অনুষ্ঠানটোত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে কাশীনাথ বৰ্মনক গুণী আৰু কৰ্মজীৱি আখ্যা দিয়ে।
কাশীনাথ বৰ্মনক উদাৰ মনৰ, ব্যতিক্ৰম পুৰুষ বুলি উল্লেখ কৰে হুছেইনে। হুছেইনৰ মতে, কাশীনাথ বৰ্মনৰ এখন আত্মজীৱনীৰ প্ৰয়োজন আছিল। শিক্ষকৰ দৰে মহান বৃত্তিৰে যিসকল লোকে জাতিটোক জীৱন্ত কৰাৰ সাধনাত বৰ্তি হৈছিল বা হৈ আছে তেনে লোকসকলৰ অন্যতম আছিল কাশীনাথ বৰ্মন।
এই অনুষ্ঠানটোত নিৰ্দিষ্ট ব্যক্তা হিচাপে অংশ লৈ কাশীনাথ বৰ্মনক সঁচা অৰ্থত এজন শিক্ষাবিদ বুলি উল্লেখ কৰে ভৱানী প্ৰসাদ অধিকাৰীয়ে। অৱসৰপ্ৰাপ্ত অধ্যাপক পোনা মহন্তই কাশীনাথ বৰ্মনক অসমীয়া সাহিত্যত স্বীকৃতি দিয়া নহ'ব বুলি আক্ষেপ কৰে।
স্মৃতিগ্ৰন্থৰ পৰিবৰ্ধিত সংস্কৰণৰ সম্পাদক তথা কাশীনাথ বৰ্মনৰ জ্যেষ্ঠ পুত্ৰ, বিশিষ্ট চিন্তাবিদ ড০ শিৱনাথ বৰ্মনে সম্পাদকৰ একাষাৰত কয় যে, পুৰণা আৰু অৱহেলিত সাহিত্যিকসকলৰ বিষয়ে লিখা উচিত। অনুষ্ঠানটোৰ আৰম্ভণিতে কাশীনাথ বৰ্মনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট ব্যক্তিসকলে।
এই অনুষ্ঠানটোত বিশিষ্ট গীতিকাৰ কৃৰ্তিকমল ভূঞা, জ্যেষ্ঠ অধ্যাপক দুৰ্লভ মহন্ত আদিয়েও অংশ লয়। উল্লেখ্য যে, ১৮৯৫চনত নলবাৰীৰ চমতাৰ আমনিগাঁৱত জন্মগ্ৰহণ কৰিছিল কাশীনাথ বৰ্মনে। মেধাৱী ছাত্ৰ হিচাপে নাম আছিল তেওঁৰ। পৰৱৰ্তী সময়ত শিক্ষকতাৰ সৈতে জড়িত হৈ নীৰৱ সাহিত্য চৰ্চাত বৰ্তি হৈছিল কাশীনাথ বৰ্মন।
অসমীয়া সাহিত্যলৈ তেওঁৰ আছে অনবেদ্য অৰিহণা। পুঠিমাৰী, ধুবুৰী, বৰপেটাৰ উপৰিও শিৱসাগৰ আৰু যোৰহাটত শিক্ষকতা কৰিছিল কাশীনাথ বৰ্মনে। যোৰহাট নৰ্মাল স্কুলত শিক্ষকতা কৰা সময়তে তেওঁ বহু কেইজন বিশিষ্ট ব্যক্তিৰ সানিধ্যলৈ আহিছিল।
যি সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে জীৱনিমূুলক বা অন্যান্য গ্ৰন্থৰ অভাৱ হৈছিল, সেই অভাৱ দূৰ কৰিছিল কাশীনাথ বৰ্মনে। তেওঁৰ 'অতুল পাঠমালা'কে ধৰি ভালে কেইখন গ্ৰন্থ ৰচনা কৰিছিল। ১৯২৯চনত তেওঁ ৰচনা কৰিছিল নাৰীৰত্ন নামৰ এখন গ্ৰন্থ।
অসম তথা ভাৰতৰ ৫৪গৰাকী নাৰীৰ বিষয়ে এই গ্ৰন্থত জীৱনীমূলক লেখা সন্নিবিষ্ট কৰিছিল। তেতিয়াই তেওঁ কৈ গৈছিল যে, ভাৰতত নাৰীয়ে ৰাজনৈতি, অৰ্থনৈতিক আৰু সামাজিক অধিকাৰ লাভ কৰিব লাগে। তেওঁ পুৰুষৰত্ন কথাশলী আন দুখন উল্লেখযোগ্য গ্ৰন্থ।
মহাত্মা গান্ধীৰ জীৱনী, শান্তিদূত, দেশ-বিদেশৰ সাধু, জীৱনীমালা, মহিলা মৰ্চা আদি গ্ৰন্থৰে অসমীয়া সাহিত্যক চহকী কৰিছিল কাশীনাথ বৰ্মনে। গল্পকাৰ হিচাপেও কাশীনাথ বৰ্মনৰ আছিল বিশেষ দখল। ১৯৯৫চনত তেওঁ জন্মৰ শতবাৰ্ষিকী উদযাপন কৰা হৈছিল। ২০১৩চনত কাশীনাথ বৰ্মনৰ ৰচনাৱলী প্ৰকাশ কৰা হৈছিল।