Advertisment

কাশিকোত্ৰাত এবছুৰ উদ্যোগত কেন্দ্ৰীয়ভাবে বিটিআৰ শান্তিচুক্তি দিৱস উদযাপন

বিটিআৰ শান্তিচুক্তিৰ পঞ্চম বৰ্ষপুতিৰ সৈতে সংগতি ৰাখি এটা দহ কিলোগ্ৰাম ওজনৰ বিশেষ কেক কাটে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সহ উপস্থিত অন্যান্য অতিথি সকলে। তাৰ পিছত পতাকা জোকাৰি সাংস্কৃতিক সমদলৰ শুভাৰম্ভ কৰি সাংসদ জয়ন্ত বসুমতাৰীয়ে।

author-image
Asomiya Pratidin
New Update
ৱনৱৱুৱ

ডিজিটেল সংবাদ, চিৰাং:   চিৰাং জিলাৰ কাশিকোত্ৰাত নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ উদ্যোগত কেন্দ্ৰীয় ভাবে পঞ্চম সংখ্যক বিটিআৰ শান্তিচুক্তি দিৱস উদযাপন কৰা হয়। উল্লেখ্য যে প্ৰায় সুদীৰ্ঘ ৪০ বছৰৰ সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই ২০২০ চনৰ আজিৰ এই দিনটোতে নতুন দিল্লীত এবছুৰ উদ্যোগত এনডিএফবিৰ চাৰিটা ফৈদ একত্ৰিত কৰি অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ সৈতে ঐতিহাসিক ত্ৰিপাক্ষিক বিটিআৰ শান্তিচুক্তি সম্পাদিত হৈছিল ।

Advertisment

আজি চিৰাং জিলাৰ চিদলী-কাশিকোত্ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দিনজোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হৈছি বিটিআৰ শান্তিচুক্তি দিৱস। পুৱা পতাকা উত্তোলন কৰে এবছুৰ সভাপতি দ্বীপেন বড়োই, বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্প অৰ্পন কৰে চিএছবি ৰ সভাপতি দীপক বসুমতাৰীয়ে আৰু ছহিদ তৰ্পণ কৰে সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত সাহিত্যিক গোবিন্দ বসুমতাৰীয়ে।

শান্তিৰ প্ৰতীক স্বৰূপ বগা পাৰ চৰাই আৰু বেলুন মুকলি আকাশলৈ উৰুৱাই দিয়ে এবছুৰ সভাপতি দ্বীপেন বড়ো, সাংসদ জয়ন্ত বসুমতাৰী, সাংসদ ৰৌণগৌৰা নাৰ্জাৰী, কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম, বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, বিটিচিৰ উপ মূখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, বড়ো সাহিত্য সভাৰ সভাপতি সুৰত নাৰ্জাৰী সহ আদি কৰি বহু আমন্ত্ৰিত অতিথি সকলে।

বিটিআৰ শান্তিচুক্তিৰ পঞ্চম বৰ্ষপুতিৰ সৈতে সংগতি ৰাখি এটা দহ কিলোগ্ৰাম ওজনৰ বিশেষ কেক কাটে কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম সহ উপস্থিত অন্যান্য অতিথি সকলে। তাৰ পিছত পতাকা জোকাৰি সাংস্কৃতিক সমদলৰ শুভাৰম্ভ কৰি সাংসদ জয়ন্ত বসুমতাৰীয়ে। তাৰ পিছত বিটিচিৰ মূখ্য কাৰ্য্যবাহী প্ৰমোদ বড়োৰ উপস্থিতিত এবছুৰ সভাপতি দ্বীপেন বড়োৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়।

আজি বিটিআৰ শান্তিচুক্তিৰ পঞ্চম বৰ্ষপূৰ্তি কাৰ্য্যসূচীত চুক্তি স্বাক্ষৰিত কৰা অধুনালুপ্ত এনডিএফবিৰ নেতা সকলৰ উপৰি বিভিন্ন বড়ো জাতীয় দল সংগঠনৰ নেতৃত্ববৰ্গ সকল উপস্থিত থাকে । আজিৰ ঐতিহাসিক বিটিআৰ শান্তিচুক্তি দিৱস উদযাপন কৰাৰ মূল উদ্দেশ্য সন্দৰ্ভত এবছুৰ সভাপতি দ্বীপেন বড়োই সংবাদ মাধ্যমৰ আগত কয় যে সুদীৰ্ঘ চাৰিটা দশক জুৰি বড়োলেণ্ড এলেকাত যি সশস্ত্ৰ সংগ্ৰাম চলিছিল আৰু সেই সশস্ত্ৰ সংগ্ৰামৰ লগতে সামান্তৰাল ভাবি গণতান্ত্ৰিক আন্দোলনৰ সময়ছোৱাত প্ৰায় সহস্ৰাধিক পুৰুষ মহিলা, যুৱক যুৱতী ছহিদ হৈছিল।

সেই দীঘলীয়া সশস্ত্ৰ সংগ্ৰামৰ ফলত সমাজত যি এক হিংসাত্মক পৰিৱেশৰ সূচনা হৈছিল আৰু সেই পৰিৱেশৰ দ্বাৰা আক্ৰান্ত হৈছিল বডোলেণ্ড এলেকাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোক সকল। কিন্তু ঐতিহাসিক বিটিআৰ শান্তিচুক্তিৰ পিছত এই চাৰি যুগ ধৰি চলি থকা সশস্ত্ৰ সংগ্ৰামৰ অন্ত পেলাই বিটিআৰ অঞ্চলত এক স্থায়ী শান্তিৰ পৰিৱেশ ঘুৰাই আনিবলৈ সক্ষম হৈছে ।

আজিৰ বৰ্ষপুৰ্তি অনুষ্ঠানৰ জৰিয়তে এই সংগ্ৰামৰ জৰিয়তে ছহিদ সকলক শ্ৰদ্ধাৰ সৈতে সোঁৱৰণ কৰাৰ উপৰি বিটিআৰ শান্তিচুক্তিৰ যি সমূহ দফা এতিয়াও ৰূপায়ন কৰা হোৱা নাই সেই দফা সমূহ অক্ষৰে ৰূপায়ন কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হৈছে বুলি মন্তব্য কৰে ।

শান্তিচুক্তি দিৱস