জ্যেষ্ঠ অধিবক্তা কেশৱ চন্দ্ৰ সোণোৱালৰ মৃত্যু...

জ্যেষ্ঠ অধিবক্তা তথা ধেমাজি জিলা উকীল সন্হাৰ প্ৰাক্তন সভাপতি ও সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কেশৱ চন্দ্ৰ সোনোৱাল (৮৩) বয়সত হৃদজনিত ৰোগত বৃহস্পতিবাৰে গুৱাহাটীৰ জি

author-image
Asomiya Pratidin
New Update
jhddd

ডিজিটেল সংবাদ , ধেমাজিঃ জ্যেষ্ঠ অধিবক্তা তথা ধেমাজি জিলা উকীল সন্হাৰ প্ৰাক্তন সভাপতি ও সোনোৱাল কছাৰী জাতীয় পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি কেশৱ চন্দ্ৰ সোনোৱাল (৮৩) বয়সত হৃদজনিত ৰোগত বৃহস্পতিবাৰে গুৱাহাটীৰ জি এন আৰ চি চিকিৎসালয়ত মৃত্যু হোৱা খৱৰে জিলাখনত গভীৰ শোকৰ ছাঁ পেলাইছে ৷উল্লেখ্য  যে যোৱা মাহৰ ১৩ ছেপ্তেম্বৰত ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা সোনোৱাল কছাৰী সভা এখনত  অতিথি  হিচাপে উপস্থিত থকা  অৱস্থাতে হঠাতে প্ৰেচাৰষ্ট্ৰোক ৰোগত আক্ৰান্ত হয় ৷

অসুস্থ সোনোৱালক ততাতৈয়াকৈ ডিব্ৰুগড়ত চিকিৎসালয়ত চিকিৎসা কৰা হয় যদিও  আৰু অধিক উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ ১৪ ছেপ্তেম্বৰত গুৱাহাটীৰ জি এন আৰ চিৰ চিকিৎসালয়ত  ভৰ্তি কৰে ৷ প্ৰায় ১৫ দিন ধৰি সোনোৱালক চিকিৎসাৰ অন্তত সম্পূৰ্ণ সুস্থ অৱস্থালৈ আহিলছিল আৰু  ঘৰলৈ আহিবলৈ প্ৰস্তুতি হোৱা মূহূৰ্ততেই অথাৎ যোৱা কালি পুৱা প্ৰায় ১১ মান বজাতেই   আকৌ হঠাতে অধিবক্তা সোনোৱালৰ হ্ৰদযন্ত্ৰজনিত ৰোগত আক্ৰান্ত হৈ পৰে ৷  

চিকিৎসকে একেৰাহে নেৰানেপেৰা চেষ্টা অবাহত ৰাখিও শেষত চিকিৎসকে উপান্তৰ হৈ পৰে ৷ ফলত বৃহস্পতিবাৰে বিয়লি ১২.৩০  বজাত  অধিবক্তা গৰাকীয়ে  মৃত্যুক আকোঁৱালি লব লগা হয় ৷ অতি সহজ, সৰল , কেশৱ চন্দ্ৰ সোনোৱালে 
কেৱল অধিবক্তা হিচাপেই নহয় তেওঁ সোনোৱাল কছাৰী  জাতীয় পৰিষদৰকে ধৰি বহু কেইটা সংগঠনৰ লগতে  এগৰাকী সমাজকৰ্মী হিচাপেও তেওঁ সেৱা  আগবঢ়াই আহিছে ৷

১৯৪২  চনৰ গণ আন্দোলনৰ সময়ত উত্তৰ লখিমপুৰ জিলাৰ একেবাৰে ভিতৰোৱা  আওহতীয়া ঢকুৱাখনাৰ কেকুৰি কছাৰী গাঁৱত ডিচেম্বৰ মাহত জন্ম গ্ৰহন কৰা কেশৱ চন্দ্ৰ সোনোৱালে   ১৯৬০ চনত ঢকৱাখানা হাইস্কুলৰ পৰা সুখ্যাতিৰে  মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছতেই গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ত নাম ভৰ্তি কৰি ১৯৬৫ চনত  উক্ত মহাবিদ্যালয়ৰ পৰাই কলা শাখাত স্নাতক ডিগ্ৰী লাভ কৰে ৷

পৰবৰ্তী সময়ত ১৯৭০ চনত শ্বিলং আইন মহাবিদ্যালয়ৰ পৰা আইন ডিগ্ৰী লাভ কৰি সোনোৱালে ১৯৭১ চনতে প্ৰথমে উত্তৰ লখিমপুৰ আদালতত ওকালতি কাম আৰম্ভণি কৰে৷ প্ৰায় ছয় মাহ দিন  উত্তৰ লখিমপুৰ আদালতত ওকালতি কৰা কৰাৰ পিছত পৰবৰ্তী ধেমাজিত তেতিয়া নতুনকৈ প্ৰতিষ্ঠা হোৱা ধেমাজি মহকুমাৰ আদালতত  জীৱনৰ শেষ সময়লৈকে ৫০
বছৰতকৈও অধিক কাল নিষ্ঠাৰে উকালতি সেৱা আগবঢ়াই আহিছিল ৷

সোনোৱালে কেৱল অধিবক্তা হিচাপেই নহয় বিভিন্ন সামাজিক কামকাজত জড়িত থকা উপৰিও ১৯৭২ চনত ভাৰতৰ 
কমিউনিষ্ট দলত যোগদান কৰি ধেমাজি বিধান সভাৰ  সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতাও আগবঢ়াইছিল ৷ কমিউনিষ্ট পাৰ্টিৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱা বাবে অধিবক্তা সোনোৱালে ১৯৮৭ চনত সমাজতান্ত্ৰিক ব্যৱস্থা পৰ্যৱেক্ষণ ও অধ্যয়নৰ বাবে  ভাৰতৰ কেইবাজনো বিশেষ পৰ্যৱেক্ষকৰ সৈতে তেওঁ মস্কো , লেলিনগ্ৰেড আৰু তাছখণ্ড ভ্ৰমণৰ সুযোগ কৰিছিল ৷ সোনোৱালে ধেমাজি উকীল সন্হাৰ প্ৰতিষ্ঠাপক সম্পাদক হোৱা উপৰিও তেওঁ পৰবৰ্তী সময়ত সাতবাৰকৈ উকীল সন্হাৰ সম্পাদকৰ পদ অলংকিত কৰা উপৰিও দুইবাৰকৈ সভাপতি আসনতো বহিছিল৷

সোনোৱাল কছাৰী জাতিটোৰ   এক নমস্য সত্তা তথা ধজ্জাবাহক ও গগন চন্দ্ৰ বটাঁ প্ৰাপক অধিবক্তা কেশৱ চন্দ্ৰ  সোনোৱালক ধেমাজি জিলা সোনোৱাল কছাৰী সাহিত্য  সভাৰ দ্বি-বাৰ্ষিক অধিৱেশনত তেওঁক  “ৰত্ন” কেশৱ চন্দ্ৰ সোনোৱালৰ অভিনন্দন গ্ৰন্থ এখনো জিলা  সোনোৱাল কছাৰী সাহিত্য সভাই প্ৰকাশ কৰে ৷ এই অধিবক্তা গৰাকীৰ মৃত্যুত আজি ধেমাজি জিলা উকীল সন্হাৰ সভাপতি প্ৰশান্ত কোচ সম্পাদক জোনমনি চুতীয়া ,  সদৌ অসম সোনোৱাল কছাৰী সন্হাৰ সভাপতি দেবানন্দ চেলেং , সম্পাদক পৰীক্ষিত সোনোৱাল , সোনোৱাল কছাৰী সাহিত্য সভা কেন্দ্ৰীয় সমিতিৰ সভাপতি মোহন সোনোৱাল সম্পাদক মৃদুল সোনোৱাল , সোনোৱাল কছাৰী জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি টংকেশ্বৰ সোনোৱাল , সম্পাদক চন্দন সোনোৱাল , ধেমাজি জিলা সোনোৱাল কছাৰী সন্হা , সোনোৱাল কছাৰী সাহিত্য সভা ধেমাজি জিলা সমিতি , সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক দিপক শৰ্মা ,  জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ 
উপ- সভাপতি দেৱজিৎ দাস , যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই , ধেমাজি জিলা ছাত্ৰ সন্হা , জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতি , অসম  জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতি সভাপতি উজ্জ্বল চুতীয়া ,আহোম জাতীয় গণ মঞ্চৰ অসমৰ  উপ- সভাপতি গোলাপ গগৈ , জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতি , ধেমাজি জিলা তাই আহোম ছাত্ৰ সন্হা , ধেমাজি প্ৰেছ ক্লাব , বীৰ লাচিত সেনা অসম  ধেমাজি জিলা সমিতি , ধেমাজি তৰুণী সংঘ , ধেমাজি আইন মহাবিদ্যালয়, চিকিৎসক ডাঃ লক্ষ্য কুমাৰ সন্দিকৈ ধেমাজি বিভিন্ন দল  সংগঠন আৰু ৰাইজে গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জনাইছে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নীৰ সৈতে দুই  পুত্ৰ , তিনি জী , জোৱাঁই নাতি-নাতিনীৰ লগতে পৰিয়ালৰ অনেকজনক এৰি  গৈছে ৷ 

ধেমাজি