/asomiyapratidin/media/media_files/2026/02/18/sivkumar-2026-02-18-13-21-06.jpg)
ডিজিটেল ডেস্কঃ প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণৰ পূৰ্বেই অসমত উপস্থিত হ'বহি কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ। উপ মুখ্যমন্ত্ৰীগৰাকীয়ে ১৯ ফেব্ৰুৱাৰীৰ পুৱা ৫.৪০ বজাত বাংগালুৰুৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হ'ব।
তেওঁৰ বিমান গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পুৱা ৮.৫৫ বজাত অৱতৰণ কৰিব আৰু তাৰপাছতে তেওঁ পোনে পোনে ৰাজীৱ ভৱনলৈ ৰাওনা হ'ব।
প্ৰিয়ংকা গান্ধীৰ উপস্থিতিত ৰাজীৱ ভৱনত ১৯ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগা বৈঠকসমূহত কৰ্ণাটকৰ উপ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত থাকিব। ইয়াৰ উপৰিও তেওঁ নিৰ্বাচনী পৰ্যবেক্ষক আৰু অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা দলটোৰ ৰাজ্যিক বিষয়ববীয়াৰ সৈতেও মিলিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us