/asomiyapratidin/media/media_files/2026/03/06/whatsapp-image-2026-03-06-14-47-08.jpeg)
ডিজিটেল ডেস্কঃ আপোনাৰ শিশুটিয়েও অতি মাত্ৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপোনাৰ শিশুটিক ব্যৱহাৰ কৰিব নিদিব সামাজিক মাধ্যম। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/03/06/whatsap-2026-03-06-14-42-30.jpeg)
উল্লেখ্য যে, বিশ্বৰ বহু দেশেই ইতিমধ্যে শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যমত বয়সভিত্তিক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।
পিছে এতিয়াৰে পৰা ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই এই কথা ঘোষণা কৰি কয় যে- ৰাজ্য চৰকাৰে ১৬ বছৰৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে সামাজিক মাধ্যম নিষিদ্ধ কৰিব। কৰ্ণাটক বিধানসভাত বাজেট দাখিল কৰি এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us