/asomiyapratidin/media/media_files/2025/08/17/dddddddddd-2025-08-17-10-59-43.jpg)
ডিজিটেল ডেস্কঃ এইবছৰৰে ডিচেম্বৰত সলনি হ'ব মুখ্যমন্ত্ৰী। বৰ্তমানৰ মুখ্যমন্ত্ৰীক গাদীচ্যুত কৰি ৰাজ্যৰ দলৰ ৰাজ্যিক সভাপতিক দিয়া হ'ব মুখ্যমন্ত্ৰীৰ দায়িত্ব। দলৰ ভিতৰত হোৱা বিসম্বাদ আৰু আঢ়ৈ বছৰৰ পূৰ্বে হোৱা চুক্তি অনুসৰিয়েই এই কাম সমাপন হব বুলি খোদ এগৰাকী বিধায়কে সদৰি কৰিছে।
কৰ্ণাটক চৰকাৰৰ ভিতৰচৰাঁত উমি উমি জ্বলি থকা বিসম্বাদৰ জুইকুৰা এনেদৰেই লাহে লাহে পোহৰলৈ আহিছে। ২০২৫ৰ ডিচেম্বৰৰ পাছত কৰ্ণাটকৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক গাদীচ্যুত কৰি কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰীৰ আসনত বহাব পাৰে কংগ্ৰেছে।
দলটোৰ এই ভিতৰুৱা খবৰ সদৰি কৰিছে বিধায়ক বসৱৰাজু ভি শিৱগংগাই । যোৱা শনিবাৰে বিধায়কগৰাকীয়ে দাবী কৰিছে যে, বৰ্তমানৰ মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াক আঁতৰাই দলে ডিচেম্বৰত মুখ্যমন্ত্ৰী পাতিব ডি কে শিৱকুমাৰক।
অৱশ্যে কংগ্ৰেছ দলে এই খবৰক মান্যতা দিয়া নাই যদিও এয়া দল আভ্যন্তৰীণ বিষয় বুলি মন্তব্য কৰিছে। কিন্তু এটা কথা ঠিক যে, কৰ্ণাটক চৰকাৰ কংগ্ৰেছে গঠন কৰোতেই ডি কে শিৱকুমাৰৰ যথেষ্ট অসন্তুষ্টি প্ৰকাশ পাইছিল। কংগ্ৰেছ হাইকামাণ্ডে কৰ্ণাটকৰ বিধানসভাৰ নিৰ্বাচনৰ দায়িত্ব ডি কে শিৱকুমাৰৰ কান্ধত অৰ্পণ কৰিছিল। কিন্তু নিৰ্বাচনৰ পাছত শিৱকুমাৰৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰী পাতিছিল সিদ্দাৰামাইয়াক।
তাৰ পিছতে সৃষ্টি হৈছিল বিসম্বাদৰ। ৰাহুল গান্ধীয়ে কেইবাবাৰো তলব কৰিছিল ডি কে শিৱকুমাৰক। অৱশেষত উপ মুখ্যমন্ত্ৰীৰ দায়িত্বও অৰ্পণ কৰিছিল ডি কে শিৱকুমাৰক। সিদ্দাৰামাইয়াক মুখ্যমন্ত্ৰী পাতোতেই এক বিশেষ চুক্তি অনুসৰিহে পতা হৈছিল বুলি সেই সময়ত চৰ্চা হৈছিল। বহুতে এই কথাও কৈছিল যে, আ়ঢ়ৈ বছৰৰ বাবে মুখ্যমন্ত্ৰী পতা হৈছে সিদ্দাৰামাইয়াক।