/asomiyapratidin/media/media_files/2026/01/09/1-2026-01-09-21-12-11.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ কংগ্ৰেছ নেতৃত্বই অসমত বিজেপি চৰকাৰে ঋণ লৈ চৰকাৰ চলোৱা বুলি সদায় আস্ফালন কৰি থকাৰ সময়তে কংগ্ৰেছ শাসিত চৰকাৰৰ আন এক ভণ্ডামি পোহৰলৈ আহিছে। যি ভণ্ডামি তথ্যসহ প্ৰকাশ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷
পীযুষ হাজৰিকাৰ তথ্য অনুসৰি কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে ইতিহাস সৃষ্টি কৰি ২০২৫-২৬ বিত্তীয় বৰ্ষৰ চতুৰ্থ ত্ৰৈমাসিক (জানুৱাৰী-মাৰ্চ)ত সৰ্বমুঠ ৯৩ হাজাৰ কোটি টকাৰ ঋণৰ ল'বৰ বাবে সাজু হৈছে। ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি ভাৰতৰ ইতিহাসত কোনো এখন ৰাজ্যই এনে সময়ত গ্ৰহণ কৰা এয়াই হৈছে সৰ্বাধিক ঋণ।
আনহাতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি কৰ্ণাটক চৰকাৰে সেই ঋণৰ ৪% ধন ব্যয় কৰিব মুছলমান লোকৰ আঁচনিৰ বাবে ৷ সিমানেই নহয় ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ৰাজ্যসমূহে একেলগে চতুৰ্থ ত্ৰৈমাসিকত ৪.৯৯ লাখ কোটি টকাৰ ঋণ লোৱাৰ পৰিকল্পনা কৰাৰ সময়ত ইয়াৰ পৰা প্ৰায় ১৯% ঋণ কেৱল কৰ্ণাটকেই ল’বলৈ সাজু হৈছে।
ইয়াকে ধৰি কংগ্ৰেছ শাসিত কৰ্ণাটক চৰকাৰে সৰ্বমুঠ ১.১৬ লাখ কোটি টকা ঋণেৰে ৰেকৰ্ডৰ দিশে আগবাঢ়িছে। লগতে মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে যে সকলো সময়তে কংগ্ৰেছ দলে বিজেপি দলক প্ৰায়েই ঋণ লৈ চৰকাৰ চলাই থকা বুলি কটুক্তি আগবঢ়ায় ৷
অসম চৰকাৰক এনেদৰে আক্ৰমণ কৰি থকাৰ সময়ত কৰ্ণাটক চৰকাৰে এই বৃহৎ পৰিমাণৰ ঋণ লোৱা কাৰ্যই বহুকেইটা দিশ উন্মোচন কৰিছে। অসমৰ আগন্তুক বিধান সভা নিৰ্বাচন উপলক্ষে কংগ্ৰেছ দলে কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ ডাঙৰীয়াক অসম কংগ্ৰেছৰ নিৰ্বাচনী তত্ত্বাৱধায়কৰ দায়িত্ব প্ৰদান কৰিছে।
গতিকে কৰ্ণাটক চৰকাৰে ৰেকৰ্ডসংখ্যক পৰিমাণৰ ঋণ লৈ অসমত নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে বুলি প্ৰায় স্পষ্ট হৈ পৰিছে। যি সময়ত কংগ্ৰেছ দলে বিজেপি দলক ঋণ লোৱা বুলি অপবাদ দি আছে, তেনে সময়ত কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে এনে অবিশ্বাস্য পৰিমাণৰ ঋণ লোৱা কাৰ্যই সকলোৰে মনত প্ৰশ্নৰ উদয় কৰিছে বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷
দেশৰ ভিতৰতে চতুৰ্থ ত্ৰৈমাসিকত এখন চৰকাৰে ৰেকৰ্ডসংখ্যক ৯৩,০০০ কোটি টকা ঋণ লোৱা কাৰ্যক সুশাসনৰ নিদৰ্শন কোনোপধ্যেই নহয় বুলি কয় ৷ লগতে এয়া হৈছে কৰ্ণাটক চৰকাৰৰ থৰক-বৰক বিত্তীয় ব্যৱস্থাপনাৰ আন এক সংজ্ঞাও। কৰ্ণাটক চৰকাৰে পূৰ্বৰ ধাৰ মাৰিবলৈ নতুনকৈ ধাৰ লোৱা কাৰ্যক কংগ্ৰেছ শাসিত ৰাজ্যৰ চূড়ান্ত দুৰ্বল বিত্তীয় ব্যৱস্থাপনাকে সূচাইছে।
বহুতৰে মনত উদয় হৈছে বহু প্ৰশ্নৰো ৷ সেই অনুসৰি এই ঋণৰ জৰিয়তে কৰ্ণাটকৰ ৰাইজৰ স্বাৰ্থৰ সলনি অন্য উদ্দেশ্য ইয়াৰ আঁৰত আছে বুলি সকলোৱে ভাবিবলৈ বাধ্য হৈছে ৷
সৰ্বসাধাৰণৰ মনত উদয় হোৱা আন কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন যে-
১) কৰ্ণাটক চৰকাৰৰ এই শোচনীয় বিত্তীয় ব্যৱস্থাপনা সন্দৰ্ভত কংগ্ৰেছ কৰ্মীসকলে কি উত্তৰ দিব?
২) পূৰ্বৰ ধাৰ মাৰিবলৈ নতুনকৈ ধাৰ লোৱা কাৰ্যক কি বুলি ক'ব?
৩) বিজেপিক ঋণ লৈ চৰকাৰ চলোৱা দল বুলি ক'বলৈ তেওঁলোকৰ লাজ লাগিবনে?
৪) কৰ্ণাটকত ঋণ লৈ অসমত নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ চেষ্টা কৰা সন্দৰ্ভত কংগ্ৰেছ দলে নিজৰ নৈতিক স্থিতি সন্দৰ্ভত কি মন্তব্য দিব?
যি সময়ত যি কোনো ৰাজহুৱা সভাত কংগ্ৰেছ নেতৃত্বই অভিযোগ তোলে যে বিজেপি চৰকাৰে ঋণ লৈ আঁচনি দিছে ৷ কিন্তু সেই একেই দলে কৰ্ণাটকত ঋণ লৈ সৰ্বসাধাৰণক বিভিন্ন আঁচনি দি আছে ৷ লগতে একাংশ ৰাষ্ট্ৰীয় সংবাদমাধ্যমে প্ৰকাশ কৰা বাতৰি অনুসৰি কৰ্নাটক চৰকাৰে লোৱা ঋনৰ ৪% ধন ব্যৱহাৰ কৰিব মুচলমান তুষ্টিকৰনত ৷ যি এক ভয়ংকৰ কাণ্ড ৰাজ্যখনৰ বাবেই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us