/asomiyapratidin/media/media_files/2025/12/25/jjdjd-2025-12-25-08-48-23.jpg)
ডিজিটেল ডেস্কঃ কৰ্ণাটকত ভয়ংকৰ এক পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হৈছে ১২গৰাকীকৈ যাত্ৰী। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
প্ৰাপ্ত খবৰ অনুসৰি, কৰ্ণাটকৰ চিত্ৰদুৰ্গ জিলাত এখন ট্ৰাক আৰু এখন নাইট চুপাৰৰ মাজত হোৱা প্ৰচণ্ড সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়। দুয়োখন বাহনতে সূত্ৰপাত হয় অগ্নিকাণ্ডৰ। যাৰ বাবে নাইট চুপাৰত অহা যাত্ৰীসকল ভিতৰতে আৱদ্ধ হৈ পৰে।
নিশা প্ৰায় ১২বজাত এই ঘটনা সংঘটিত হয় বুলি আৰক্ষীয়ে সদৰি কৰিছে। ট্ৰাক ড্ৰাইভাৰগৰাকীৰো থিতাতে মৃত্যু হয়। বাছখনত চালক আৰু হেণ্ডিমেনৰ সৈতে মুঠ ৩২গৰাকী যাত্ৰী আছিল বুলি সদৰি কৰিছে আৰক্ষীয়ে।
বৰ্তমান চিকিতসাধীন হৈ থকা আন যাত্ৰীসকলৰ ভিতৰত ২গৰাকীৰ স্বাস্থ্য অতিকৈ সংকটজন। যাৰ বাবে তেওঁলোকক বেংগালুৰুলৈ উন্নত চিকিতসাৰ বাবে প্ৰেৰণ কৰা হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us