কৰিশ্মা নাথৰ বিপদ সমাগত!

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিক বিকৃত ৰূপ দিয়াক লৈ কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত

author-image
Asomiya Pratidin
New Update
37a8f915-4b49-44d9-827f-ff21f8b20979

ডিজিটেল ডেস্কঃ কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সৃষ্টিক বিকৃত ৰূপ দিয়াক লৈ কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়াৰ। ইতিমধ্যে কৰিশ্মা নাথৰ বিৰুদ্ধে ৰাজ্যৰ কেইবাখনো থানাত এজাহাৰ দাখিল কৰা হৈছে। এনে সময়তে এই বিষয়টোক লৈ অসমীয়া প্ৰতিদিন ডিজিটেলক পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিষ্ণু ৰাভাৰ পুত্ৰ হেমৰাজ ৰাভাই।

অসমীয়া প্ৰতিদিন ডিজিটেলক তেওঁ কয়-  কৰিশ্মা নাথৰ এই কাৰ্যত আমি খুবেই মৰ্মাহত হৈছো। কৰিশ্মা নাথক নিষিদ্ধ কৰক চৰকাৰে।  কৰিশ্মাৰ নাগাৰা নামৰ দলৰ বিৰুদ্ধে কঠোৰ হওঁক চৰকাৰ। এনেদৰে কলাগুৰুক চূড়ান্ত অপমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়েও গ্ৰহণ কৰক কঠোৰ পদক্ষেপ।' 

তেওঁ লগতে কয়,  উগ্ৰপন্থীৰ দৰেই হৈছে এইবোৰ। ইতিমধ্যে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা ভাৱিছো। বিষ্ণু ৰাভাৰ ন্যাসে কৰিশ্মা নাথৰ বিৰুদ্ধে এজাহাৰ দিয়া কথাও সদৰি কৰি অসমীয়া প্ৰতিদিন ডিজিটেলক। 

ৰাভাই লগতে কয় যে, বিষ্ণু ৰাভাৰ সৃষ্টি সমূহক যাতে কোনেও এনেদৰে বিকৃত ৰূপ দিব নোৱাৰে তাৰ বাবে সাংস্কৃতিক বিভাগৰ তৰফৰ পৰাও কঠোৰ হ'ব লাগে। উল্লেখ্য যে, বিষ্ণু ৰাভাৰ সৃষ্টি  এটা গীতক বিকৃতভাৱে উপস্থাপন কৰিছিল কৰিশ্মা নাথে। 

অসম