'কৰিম' শব্দটোৰ বাবেই কৰিমগঞ্জৰ নাম সলনি কৰিলে হিমন্ত বিশ্ব শৰ্মাইঃ শ্ৰীভূমিত ছাত্ৰ বিক্ষোভ...

কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাক লৈ পলমকৈ হলেও উত্তপ্ত হৈ পৰিছে জিলাখন। শনিবাৰৰ দিনটোত হোৱা প্ৰতিবাদত আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শতাধিক শিক্ষাৰ্থী। অভিযোগ উত্থাপিত হৈছে যে, মহাবিদ্যালয়ৰ

author-image
Asomiya Pratidin
New Update
0b27fe50-5d8a-4c76-89e7-0b5f66a0e549

ডিজিটেল ডেস্কঃ কৰিমগঞ্জৰ নাম শ্ৰীভূমি কৰাক লৈ পলমকৈ হলেও উত্তপ্ত হৈ পৰিছে জিলাখন। শনিবাৰৰ দিনটোত হোৱা প্ৰতিবাদত আৰক্ষীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে শতাধিক শিক্ষাৰ্থী। অভিযোগ উত্থাপিত হৈছে যে, মহাবিদ্যালয়ৰ চৌহদত সোমাইও শিক্ষাৰ্থীক আক্ৰমণ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ এই বৰ্বৰতাৰ বিৰোধিতাৰে অহা সোমাবাৰে ছাত্ৰ ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচী পালন কৰিব জিলাখনত।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ ১৯নৱেম্বৰত কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি শ্ৰীভূমি ৰাখিছিল ৰাজ্য চৰকাৰে। ৰবীন্দ্ৰ নাথ ঠাকুৰে কৰিমগঞ্জক শ্ৰীভূমি বুলি অভিহিত কৰিছিল বুলিও বহুকেইবাৰ সদৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কিন্তু শেহতীয়াকৈ প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰিছে যে, ৰবীন্দ্ৰনাথ ঠাকুৰক অনাহকত ইয়াৰ মাজতলৈ টানি আনিছে হিমন্ত বিশ্ব শৰ্মাই।

প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰিছে যে, মুছলমান বিদ্বেষী হিমন্ত বিশ্ব শৰ্মাই কৰিম শব্দটো থকাৰ বাবেই জিলাখনৰ নাম সলনি কৰাৰ হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। হিন্দু-মুছলমানৰ মাজত বিভাজনৰ লেতেৰা ৰাজনীতি কৰাৰ কথা কৈ সংবাদমাধ্যমৰ আগত ক্ষোভ উজাৰে প্ৰতিবাদকাৰীসকলে। ইফালে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনত ১৬৩ধাৰা আৰোপ কৰিছে প্ৰশাসনে। প্ৰতিবাদকাৰী সকলে লগতে অভিযোগ উত্থাপন কৰিছে যে, আৰক্ষীয়ে বিজেপিৰে বহতীয়া হৈ প্ৰতিবাদকাৰীৰ ওপৰত অধিক আক্ৰমণাত্মক হৈ পৰিল। 

অসম মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা