কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত শিক্ষামূলক সজাগতা সভা সম্পন্ন

কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে গড়জগা আৰু চূণপোৰা গাঁৱত একে দিনাই দুটা স্থানত শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত কৰে।

author-image
Asomiya Pratidin
New Update
ghrthngg

ডিজিটেল সংবাদ,হাওৰাঘাটঃ কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত বৃহস্পতিবাৰে গড়জগা আৰু চূণপোৰা গাঁৱত একে দিনাই দুটা স্থানত  শিক্ষামূলক সজাগতা সভা অনুষ্ঠিত কৰে। কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত আৰু হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সহযোগত গড়জগা গাঁৱত অনুষ্ঠিত কৰা শিক্ষা বিষয়ক সজাগতা সভাৰ আঁত ধৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সম্পাদক সুমেশ্বৰ বসুমতাৰীয়ে। 

WhatsApp Image 2026-02-19 at 6.32.53 PM

সভাত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উপ সভাপতি মগেজ নাৰ্জা বড়ো, কোষাধ্যক্ষ মিলাৰাম বড়ো, কছাৰী সমাজৰ সভাপতি হৰি নাৰ্জাৰী, গড়জগা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বীৰেন স্বৰ্গীয়াৰী,হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক ধৰ্মেন্দ্ৰ খাখলাৰী,হাওৰাঘাট দৈমা দৈচা প্ৰাথমিক বড়ো সাহিত্য সভাৰ সম্পাদক সুভাষ বসুমতাৰী, গাওঁবুঢ়া সন্থাৰ সম্পাদক বিমল খাখলাৰী, এবচুৰ সম্পাদক অঞ্জালু খাখলাৰী, গড়জগা গাঁৱৰ সভাপতি নুমল বসুমতাৰী, সম্পাদক মহেশ খাখলাৰী, জিলা বড়ো সাহিত্য সভাৰ কাৰ্যকৰী সদস্যা ৰূপালী বসুমতাৰী, আবৌফৰ সম্পাদিকা প্ৰভা বসুমতাৰী, উপ সভানেত্ৰী লাবণ্য নাৰ্জাৰী, বিৰাজমোহন বড়ো, জ্যোতি বাগলাৰী আদি উপস্থিত থাকে । 

আনহাতে একে সময়তে চূণপোৰা গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰা শিক্ষা সজাগতা সভাৰ আঁত ধৰে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক দীনেশ দৈমাৰীয়ে । সভাত কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সভাপতি ঋতুৰাজ বসুমতাৰী, কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সহকাৰী সম্পাদক লাংগৌনা ব্ৰহ্ম, কাৰ্যকৰী সদস্যা সুখুশ্ৰী দৈমাৰী, আবৌফৰ সভানেত্ৰী প্ৰমিলা ফখ্ৰাৰী, হাৰিমু আফাদৰ সম্পাদক গুৰুচৰণ গয়াৰী, চূণপোৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সুবল বসুমতাৰী, হাওৰাঘাট তিনি আলি প্ৰাথমিক বড়ো সাহিত্য সভাৰ সভাপতি গোপেন খাখলাৰী, উপ সভাপতি চম্ভু ৰামছিয়াৰী, সহকাৰী সম্পাদক ভাৰত ওৱাৰী, সমাজকৰ্মী কমল বসুমতাৰী, খগেন বসুমতাৰী, প্ৰদীপ বসুমতাৰী আদি উপস্থিত থাকে।

WhatsApp Image 2026-02-19 at 6.32.53 PM (1)

কাৰ্বি আংলং