কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তিলকান্ত ফুকনৰ দেহাৱসান

ফুকন ছাৰৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বিশিষ্ট সাহিত্যিক লেখক ভৱপ্ৰসাদ দেউৰী আৰু তেওঁৰ জীয়ৰী কৰবী ফুকনৰ সম্পাদনাত 'জীৱন বীথিকা' নামৰ এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তিলকান্ত ফুকনৰ দেওবাৰে পুৱা ৪ বাজি  ১৫ মিনিটত নিজা বাসভৱনত দেহাৱসান ঘটে। হাওৰাঘাটবাসীৰ অতি মৰমৰৰ, শ্ৰদ্ধাৰ আৰু সমগ্ৰ কাৰ্বি আংলঙৰে জনপ্ৰিয় ফুকন ছাৰ আছিল ১৯৯২ চনত গঠন কৰা হাওৰাঘাট প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তেওঁ ১৯৮০ ৰ পৰা ১৯৯০ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ হাওৰাঘাটৰ সংবাদদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৮৩ চনত হাওৰাঘাটৰ পৰা প্ৰকাশিত সাপ্তাহিক বাৰ্তালোচনী 'তপত খবৰ' ৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।  ১৯৮০- ৯০ চনলৈ 'দৈনিক অসম ', 'জনমভূমি', 'নিউজষ্টাৰ' আৰু 'অসম বাণী'ত হাওৰাঘাটৰ পৰা নিজা বাতৰি দিওতা ৰূপে দায়িত্ব গ্ৰহণ কৰিছিল । 

WhatsApp Image 2025-12-07 at 6.16.00 PM

ইয়াৰ উপৰিও ১৯৯১ চনত হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ আছিল আৰু একে বছৰতে অসম ভলীবল সন্থাৰ সাধাৰণ সম্পাদক পদত কাৰ্যনিবাহ কৰিছিল । সমান্তৰালভাৱে ১৯৯৮ চনত কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি পদত অধিষ্ঠিত হৈছিল। ইয়াৰ পূৰ্বে তেওঁ ১৯৬৯ চনত হাওৰাঘাট সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক, ১৯৭৩ চনত হাওৰাঘাট ক্ৰীড়া সন্থাৰ প্ৰতিষ্ঠাপক সহকাৰী সম্পাদকৰ দায়িত্বও গ্ৰহণ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তলৈকে তেওঁ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল । 

WhatsApp Image 2025-12-07 at 6.16.01 PM

প্ৰতিভাৰ অন্য এক নাম শ্ৰদ্ধাৰ সমাজকৰ্মী তিলকান্ত ফুকন ছাৰৰ ২০১৪ চনত 'কিবা হেৰাল' কাব্যগ্ৰন্থ, ২০১৬ চনত 'কথা ফুলৰ বাগিচা' নীতি বচন আৰু ২০১৬ চনত স্মৃতিচাৰণ অনুষ্ঠানৰ মুখ্য অতিথিৰ ভাষণ প্ৰকাশিত হৈছে। সমাজ আৰু সাহিত্যৰ ক্ষেত্ৰখনত তেওঁৰ মহান কৰ্মৰাজিৰ অৱদানৰ বাবে তেওঁক ২০১১ চনত যোৰহাটত জীৱনজোৰা সংস্কৃতি সাধক বঁটা, ২০১৫ চনত 'দ্ৰোণাচাৰ্য' উপাধি প্ৰদান কৰিছিল । ২০১৬ চনত জ্ঞান সাধনা বঁটা, ২০১৭ চনত অসম সাহিত্য সভাৰ 'শুভানুধ্যায়ী' সন্মান আৰু ২০১৯ চনত 'কৰ্মশ্ৰী বঁটা ' প্ৰদান কৰা হয় ।

WhatsApp Image 2025-12-07 at 6.16.00 PM (1)

উল্লেখ্য যে, তিলকান্ত ফুকন ছাৰৰ জীৱনৰ কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰি বিশিষ্ট সাহিত্যিক লেখক ভৱপ্ৰসাদ দেউৰী আৰু তেওঁৰ জীয়ৰী কৰবী ফুকনৰ সম্পাদনাত 'জীৱন বীথিকা' নামৰ এখন মূল্যৱান গ্ৰন্থ প্ৰকাশ কৰা হয়। মৃত্যুৰ সময়ত তেওঁৰ বাসস্থানত বিভিন্ন দল, সংগঠনৰ লগতে বহু গণ্য মান্য লোক উপস্থিত  হৈ পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰে ।

কাৰ্বি আংলং