পঞ্চম সংখ্যক ফাংচ নকহোম চিংৰুম আমেই অনুষ্ঠিত

উপস্থিত এনইচি সচিব সদস্য লংকি ফাংচ লগতে কাৰ্বি আংলং জিলাৰ আয়ুক্ত নিৰোলা ফাংচপী।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলংঃ  কাৰ্বি আংলঙৰ ডলামৰাত হেমাৰী ফাংচ আৰংঙ  দিনজোৰা কাৰ্য্যসূচীৰে পঞ্চম সংখ্যক ফাংচ নকহোম চিংৰুম আমেই অনুষ্ঠিত হয় ৷ 'চিংৰুম ৰা চিলিৰ নাং '  আলোচনা চক্ৰ লৈ আলোচনা সভা অনুষ্ঠিত ৷ চিংৰুম মানে একগোট হোৱা ৷ ফাংচ বংশধৰ বিভিন্ন জিলা তথা ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্য সিচঁৰিত হৈ থকা ফাংচ সকলৰ বংশধৰ বিচৰাৰ উদ্দেশ্যে প্ৰতিবছৰেই ফাংছ চিংৰুম সভা অনুষ্ঠিত হয় ৷ 

WhatsApp Image 2025-11-23 at 1.54.04 AM

উল্লেখ্য যে, ফাংচ সকলে যাতে সমাজৰ গঠনৰ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াব পাৰে তাৰ উদ্দেশ্যৰে অসম তথা উঃপূৰ্বাঞ্চলৰ সিচঁৰতি হৈ ফাংচ ফৈছ সকলৰ মাজত আদান প্ৰদান তথা চিনাকি লগতে সমাজ গঠনৰ আগবাঢ়ি নিয়া কেনেকৈ সহযোগ কৰিব পাৰি সেই সন্দৰ্ভত আলোচনা কৰে ৷ সভাত ফাংচ সকলৰ মাজত কেনেকৈ সন্মান কৰিব সেই সন্দৰ্ভত ফাংছ বুদ্ধিজীৱি সকলে ভাষণত উল্লেখ কৰে ৷  সভাত উপস্থিত থাকি উঃপূঃপৰিষদৰ সদস্য সচিব তথা অৱসৰপ্ৰাপ্ত আইএএচ বিষয়া লংকি ফাংচ চমু ভাষণত সকলো ফাংচ পৰিয়ালৰ যাতে শিক্ষা ক্ষেত্ৰত গুৰুত্ব দিয়ে সেই কথা উল্লেখ কৰে ৷ 

WhatsApp Image 2025-11-23 at 1.54.07 AM

তাৰোপৰি কঠোৰ পৰিশ্ৰম  হলে  জীবনত সাফল্য আহিব বুলি উল্লেখ কৰে কাৰ্বি আংলং জিলাৰ আযুক্ত নিৰোলা ফাংচপী ৷ সভাত ফাংচৰ উৎপত্তি সন্দৰ্ভত ফাংচ বুদ্ধিজীৱি সকলে ব্যাখ্যা আগবঢ়াই ৷ সভাত মেঘালয়,যোৰহাট, গুৱাহাটী পৰা ফাংচ বংশধৰ সকল আহি উপস্থিত হয় ৷ সভাত অসম চৰকাৰ ;ভাৰত চৰকাৰৰ আৰু মেঘালয় চৰকাৰৰ উচ্চ পদস্থ বিষয়াও উপস্থিত থকাৰ লগতে যোৰহাটৰ অএনজিচি এম জি লিলি ফাংচপী ; ডিফু জনস্বাস্থ্য কাৰিকৰি অভিযন্তা মৰনিংকী ফাংচ ; সমাজ সেৱক ড° বলোৰাম ফাংচ ; প্ৰাক্তন কাৰ্বি পৰিষদৰ কাৰ্য্যবাহী সদস্য ক্ৰমে  ৰবিকুমাৰ ফাংচ ;পাটৰ ফাংচ ; মেঘালয় চৰকাৰৰ অবসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য অভিযন্তা জোৰবৰ ফাংচ ;অসম চৰকাৰৰ এএমডিচিএল গুৱাহাটী সঞ্চালক বিজয় ফাংচ লগতে সাংবাদিক পশ্চিম কাৰঁবি আংলংঙৰ ধৰম চিংফাংচ  আদি কৰি দলামৰা ;চকিহোলা ;ডিফু লগতে পশ্চিম কাৰ্বি আংলংঙৰ পৰা ফাংচ বংশধৰ সকলেও অংশ গ্ৰহণ কৰে ৷

কাৰ্বি আংলং