/asomiyapratidin/media/media_files/2026/02/02/1-2026-02-02-18-08-20.jpg)
ডিজিটেল ডেস্কঃ পশ্চিম কাৰ্বি আংলঙত যুৱতী-মহিলাক শক্তিশালী আৰু স্বাৱলম্বী কৰাৰ লক্ষ্যৰে পেছাদাৰী সৌন্দৰ্য্য শিক্ষাৰ প্ৰশিক্ষণ প্ৰদান। সংগীতা বিউটি এণ্ড মেকআপ একাডেমীৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে খেৰণি চাৰিআলিত আয়োজন কৰে এই সৌন্দৰ্য্য শিক্ষাৰ কৰ্মশালা আৰু পেছাদাৰী মেকআপ সেৱাৰ। বৃহত্তৰ খেৰণি অঞ্চলৰ লগতে হোজাই, নগাওঁ, লংকা আদিৰ যুৱতী-মহিলাক পেছাদাৰী সৌন্দৰ্য্য শিক্ষাৰ প্ৰশিক্ষণ দিয়াৰ লগতে এক আলোচনা চক্ৰ অনুষ্ঠিত কৰি সৌন্দৰ্য্য শিক্ষাৰ পাঠ্যক্ৰম সন্দৰ্ভত আলোচনা কৰাও পৰিলক্ষিত হয়।
সংগীতা বিউটি এণ্ড মেকআপ একাডেমীৰ পৰিচালিকা তথা সৌন্দৰ্য্য বিশেষজ্ঞ সংগীতা চাহুয়ে আয়োজিত কৰ্মশালা ও প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষণাৰ্থীক মেকআপ, চুলিৰ যত্ন, ছালৰ যত্ন আৰু নখৰ ডিজাইন আদিৰ ব্যৱহাৰিক কৌশলসমূহ শিকোৱাৰ লগতে প্ৰশিক্ষৰ্থীসকলক প্ৰশিক্ষণ গ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/post_attachments/bd7e2a1c-437.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us