/asomiyapratidin/media/media_files/2026/01/26/1-2026-01-26-13-36-06.jpg)
ডিজিটেল ডেস্কঃ আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস। ৰাজ্যৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱস পালন কৰিছে। ইয়াৰ সমান্তৰালকৈ অসমৰ তিনি পাৰ্বত্য জিলা সদৰত ৭৭সংখ্যক গণ্যৰাজ্য দিৱস উদযাপন কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-im-2026-01-26-13-32-07.jpeg)
তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন সহযোগিতা ডিফু বালিকা উচ্চতৰ মাধ্যমিক খেল পথাৰত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ চিই এম ড° তুলিৰাম ৰংহাংঙ মুখ্য অতিথি হিচাপে উপস্থিত হৈ জাতীয় পতাকা উত্তোলন কৰাৰ লগতে আৰক্ষী আৰু ডিফুত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চপাৰ্চ প্ৰদৰ্শন কৰে। গণ্যৰাজ্য দিৱৰ প্ৰতি লক্ষ্য ৰাখি জিলা পহুপালন বিভাগৰ প্ৰদৰ্শনী কাৰ্য্যসূচী প্ৰদৰ্শন কৰে ৷ সমান্তৰালভাৱে কাৰ্বি নৃত্য,অসমীয়া নৃত্য,গাৰৌ, হাজং, তিৱা, নাগা ৰেংমা,মাৰ,মিজু আৰু বহু লোকৰ নৃত্যৰ লগতে বাগৰুম্বা নাচো প্ৰদৰ্শন কৰে ৷ ইপিনে জিলা প্ৰশাসনৰ তৎপৰতাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চপাৰ্চ কৰাৰ পাছত পুৰস্কাৰ প্ৰদানৰ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-i-2026-01-26-13-33-01.jpeg)
ইয়াৰোপৰি ডিমা হাচাও জিলাৰ প্ৰশাসনৰ উদ্যোগত হাফলংঙত ৭৭সংখ্যক গণ্যৰাজ্য দিৱস সংগতি ৰাখি জাতীয় পতাকা উত্তোলন কৰে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গৰ্লোচাসহ জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে ৷ ডিমাছা নৃত্যকে আদি কৰি জনগোষ্ঠীৰ নৃত্য প্ৰদৰ্শন কৰে ৷ ডিফুত ড° তুলিৰাম ৰংহাংঙে চৰকাৰী উন্নয়নমূলক আঁচনি সমূহৰ ওপৰতো কিছু মন্তব্য আগবঢ়াই ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-image-2-2026-01-26-13-33-23.jpeg)
উল্লেখ্য যে, হাফলংঙত দেৱলাল গৰ্লোচাই জিলাখন বিভিন্ন চৰকাৰৰ উন্নয়নমূখী আঁচনি সমূহৰ ব্যাখ্যা আগবঢ়াই ৷ সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা হামৰেণ ৰংবংৰংহাং খেলপথাৰত গণ্যৰাজ্য দিৱস উদযাপন কৰে ৷ ৭৭সংখ্যক গণ্যৰাজ্য দিৱসৰ সংগতি ৰাখি জাতীয় পতাকা উত্তোলন কৰে জিলা আযুক্ত সাৰাংশ পানী শৰ্মায়ে সহযোগ কৰে জিলাখনৰ উচ্চ আৰক্ষী বিষয়াক ৷ হামৰেণস্থিত বিভিন্ন বিদ্যালয় ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চপাৰ্চ সম্ভাষণ গ্ৰহণ কৰে ৷ তদুপৰি অসম আৰক্ষী জোৱানেও মাৰ্চপাৰ্চ প্ৰদৰ্শন কৰে ৷ বিভিন্ন বাৰেবহনীয়া সাংস্কৃতিক নৃত্যও প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ শান্তিপূৰ্ণভাৱে তিনিখন জিলাসদৰত গণ্যৰাজ্য উদযাপন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/26/whatsapp-im-2026-01-26-13-33-41.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us