/asomiyapratidin/media/media_files/2026/02/08/hawraghartt-2026-02-08-20-28-36.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বিআংলং জিলা বড়ো সাহিত্য সভাৰ পুৰণি সমিতিখনৰ কাৰ্যভাৰ দেওবাৰে আনুষ্ঠানিকভাৱে নতুন সমিতিক অৰ্পণ কৰাৰ লগতে কাব্যগ্ৰন্থ উন্মোচন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা হয়। কাৰ্বিআংলং জিলা বড়ো সাহিত্য সভাৰ বিদায়ী সভাপতি অৰবিন্দ উজীৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত সভাৰ আঁত ধৰে সম্পাদক সুমেশ্বৰ বসুমতাৰীয়ে।
সভাত অডিটৰ জৰিয়তে পুৰণি সমিতিখনৰ হিচাপ নিকাচ দাখিল কৰা হয়। এই সভাতেই ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰেৰণাদায়ক বঁটা হিচাপে নজৰেন্দ্ৰ মুছাহাৰী বঁটা লাভ কৰে গণেশ বসুমতাৰী, ছাত্ৰ প্ৰেৰণা বঁটা ৰিংখাং দৈমাৰী আৰু থাউজেন্দ্ৰ বসুমতাৰী সাহিত্য বঁটা লাভ কৰে দদেৰে মাইনাও বড়োই।
আনহাতে বড়ো সাহিত্য সভাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে পুৰস্কাৰৰ ক্ষেত্ৰত কিছু আৰ্থিক সাহায্য আগবঢ়োৱা সমাজকৰ্মী ক্ৰমে ফুকন খাখলাৰী, বিৰাজ বসুমতাৰী আৰু সম্ৰাট ব্ৰহ্মক বড়ো আৰণাইৰে সম্বৰ্ধনা জনোৱা হয়। উল্লেখযোগ্য যে, এই সভাতেই কবি কৃষ্ণমোহন বসুমতাৰীৰ দ্বাৰা ৰচিত বড়ো ভাষাৰ 'Gwrbw Singao Gwmwr Rwngwi Mwnse Mung' শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰীয়ে ।
কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ সমিতিখনৰ কাৰ্যভাৰ নতুনকৈ নিৰ্বাচিত হোৱা ঋতুৰাজ বসুমতাৰীৰ হাতত অৰ্পণ কৰা হয়। সভাত বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি বিশ্বেশ্বৰ বসুমতাৰী, সাহিত্য অকাডেমি বঁটা প্ৰাপকদ্বয় ড° প্ৰেমানন্দ মোছাহাৰী আৰু ৰত্নেশ্বৰ নাৰ্জাৰী, কাৰ্যবাহী সদস্য বিলিমোহন খাখলাৰী, বিশিষ্ট কবি থানেশ্বৰ গয়াৰী, এবচুৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্ম, প্ৰাক্তন সম্পাদক নিৰ্মল বসুমতাৰী, সাংবাদিক ধৰ্মেন্দ্ৰ খাখলাৰী, আবৌফৰ সভানেত্ৰী সুভাসী বসুমতাৰী, কবি ৰূপালী বসুমতাৰী, চনিয়া বাগলাৰী আদি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us