/asomiyapratidin/media/media_files/2025/11/26/2-2025-11-26-17-54-36.jpg)
ডিজিটেল সংবাদ,পশ্চিম কাৰ্বি আংলংঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। এই নিৰ্বাচনৰ আগমূহূৰ্তত কাৰ্বি আংলঙৰ বিৰোধী দলত মোক্ষম আঘাত ৷ দোৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ দেওথৰ মনিৰাম লাংনে অডিটৰিয়ামত বিজেপি বিশাল সমূহীয়া যোগদান সভাত কংগ্ৰেছ দলৰ ৩৪২ পৰিয়াল আৰু এপিএচএলচি ২৩২ পৰিয়ালে নিজ দল ত্যাগ কৰি কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ উপস্থিতিত বিজেপিত যোগদান কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-17-50-18.jpeg)
উল্লেখ্য যে, সভাত মুখ্য হিচাপে উপস্থিত থাকি ড° তুলিৰাম ৰং হাংঙে উল্লেখ কৰা মতে- আগন্তুক দিনত সমগ্ৰ কাৰ্বি আংলং জিলাৰ বিৰোধী দলৰ সদস্য সকলে বিজেপি দলত কৰি পাহাৰত উন্নয়ন মূলক কাৰ্য্য সদযোগীতা হ'ব বুলি ভাষণত উল্লেখ কৰে ৷ ইপিনে বিৰোধী দলৰ নেতা -নেত্ৰী সকলে ৰাইজক বিপথে পৰিচালিত কৰি সময়ৰ অপচয় হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-17-51-01.jpeg)
প্ৰাণিধানযোগ্য যে ৰাইজে ৰাজ্যনৈতিক হিচাপে সজাগতা হোৱাৰ লগতে প্ৰতিটো ২৬টা এমএচি পৰিষদৰ সমষ্টি ৰাইজে দিনক দিনে বিজেপি যোগদান কৰি আছে বুলি ভাষণত উলেখ কৰে ৷ সভাত উপস্থিত থাকে কাৰ্যবাহী সদস্য ৰিচাৰ্ড টকবি সঁহ জিলাৰ ভাৰতীয় জনতা পাৰ্টী সভাপতি ৰলেন কিলিং আদি শীৰ্ষ বিজেপি নেতা ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-17-51-40.jpeg)
আনফালে প্ৰতিটো ৰাজনৈতিক দলে বিজেপি দলত যোগদান কৰাতো বৰ্তমান সময়ত জিলাখনত ৰাজনৈতিক বাতাৰণটো বিজেপি মুখী হৈ পৰিছে, আগন্তুক দিনত সচেতন ৰাইজে কি পদক্ষেপ গ্ৰহণ কৰিব সেয়া সময়ত হে লক্ষণীয় হ'ব ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/26/whatsapp-image-2025-11-26-17-52-42.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us