কাৰ্বি আংলঙৰ লীজ পট্টাক লৈ সৰৱ আদিবাসী ছাত্ৰ সন্থা, আন্দোলনৰ কাৰ্যসূচী ঘোষণা

কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নতুনকৈ প্ৰদান কৰা লীজ পট্টাক লৈ শনিবাৰে কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এক চিন্তন সভা।

author-image
Asomiya Pratidin
New Update
sdsdsdvv

ডিজিটেল সংবাদ, বোকাজানঃ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদে নতুনকৈ প্ৰদান কৰা লীজ পট্টাক লৈ শনিবাৰে কাৰ্বি আংলং আদিবাসী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰে এক চিন্তন সভা। এই সভাত কেইবাটাও সমস্যাৰ বিষয়ে আলোচনা কৰা হয়৷

Advertisment

পৰিষদে অজনজাতি লোকসকলক প্ৰদান কৰা লীজ পট্টাক লৈ সৰৱ হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা ৷  সভাত এই লীজ পট্টা শীঘ্ৰে প্ৰত্যাহাৰ নকৰা পৰ্যন্ত আদিবাসী ছাত্ৰ সন্থাই ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ মুখ্য উপদেষ্টা অনিল তপ্পই ৷

সংবাদমেলত মুখ্য উপদেষ্টা গৰাকীয়ে সদৰি কৰে যে, "মাটি আৰু মানুহৰ সৈতে কাৰ্বি আংলঙত চামিল হোৱা খিলঞ্জীয়া লোকসকলক স্বায়ত্ত্বশাসিত পৰিষদে আভুৱা ভাৰি লীজ পট্টা দিয়া কাৰ্য কেতিয়াও মানি লোৱা নহ'ব ৷"

আনহাতে, এই কাৰ্যৰ প্ৰতিবাদত আদিবাসী ছাত্ৰ সন্থাই  অহা ১৮ আগষ্টত কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদৰ আদিবাসী প্ৰাধান্য থকা ১৫টা পৰিষদীয় সমষ্টি আৰু মুখ্যকাৰ্যবাহী সদস্যৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে ২৬ আগষ্টত ডিফু, ফুলনি আৰু চিলনীজানৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে নেতাগৰাকীয়ে।

ইফালে, ছাত্ৰ নেতা গৰাকীয়ে বিধায়ক নোমল মমিনৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰে৷ মুখ্য উপদেষ্টা গৰাকীয়ে লগতে কাৰ্বি দল সংগঠন সমূহে ভ্ৰাতৃত্ববোধ বজাই ৰখাৰ লগতে খিলঞ্জীয়া সকলৰ প্ৰতি বিৰূপ মন্তব্য নিদিবলৈ অনুৰোধ জনায় ৷ আনহাতে, সভাত উপস্থিত আদিবাসী জাতীয় সংগঠনৰ শতাধিক লোকেও  লীজ পট্টা বাতিলৰ দাবীত শ্লগান প্ৰদানেৰে পৰিস্থিতি উত্তপ্ত কৰি তোলে ৷

কাৰ্বি আংলং