/asomiyapratidin/media/media_files/2026/01/09/598-2026-01-09-08-33-31.jpg)
ডিজিটেল সংবাদ, খেৰণি : কাৰ্বি জনগোষ্ঠীয় ধৰ্মীয় ৰীতি-নীতিৰে আৰু ধৰ্ম ধ্বজ্জা উত্তোলনেৰে পশ্চিম কাৰ্বি আংলঙৰ চেংবঙত অনুষ্ঠিত কাৰ্বি সংহাৰী আৰমো চিংৰুম সভাৰ সফল সামৰণি পৰে। নিজম পৰিল দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা সভাস্থলীৰ বাকৰি।
উল্লেখ কৰা প্ৰয়োজন যে, লোকে লোকৰণ্য হোৱাৰ লগতে এক উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছিল অঞ্চলটোত। মুখ্য অতিথিৰূপে কাৰ্বি সংহাৰী চিংৰুম সভাত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাং উপস্থিত থকাৰ লগতে অনুষ্ঠানত সাংসদ অমৰছিং তিচ্ছ'সহ কাৰ্বি পৰিষদৰ বৃহৎ সজাতি দল উপস্থিত থাকে।
লগতে লক্ষাধিক লোক সমাগত হোৱা সভাত উপস্থিত থাকে কাৰ্বি ৰজা লংছিং ৰংহাংও। উল্লেখ্য যে কাৰ্বি সংহাৰী আৰমো চিংৰুম সভা হৈছে কাৰ্বি জনগোষ্ঠীৰ ধৰ্ম, সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ মঞ্চ। য'ত নেকি তেওঁলোকৰ পৰম্পৰা, লোক-সংস্কৃতি, গীত-বাদ্য আদি উপস্থাপন কৰাৰ লগতে কাৰ্বি ধৰ্মৰ দেৱ-দেৱীসকলৰ পূজা আৰু তেওঁলোকৰ ইতিহাসৰ বিভিন্ন দিশ আদিৰ আলোচনা কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us