আসন্ন বিধানসভা নিৰ্বাচন : কাৰ্বি আংলঙত ইখনৰ পাছত সিখন যোগদান সভা

বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পিছতে অসমত নিৰ্ভীক হৈ পৰিছে বিজেপি দল। সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে কাৰ্বি পাহাৰত বিজেপি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

author-image
Asomiya Pratidin
New Update
396

ডিজিটেল সংবাদ, খেৰণি : বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পিছতে অসমত নিৰ্ভীক হৈ পৰিছে বিজেপি দল। সমাগত অসম বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে কাৰ্বি পাহাৰত বিজেপি তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।

পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙত বিজেপিয়ে ইখনৰ পিছত সিখন বিশাল বিশাল সভা আয়োজন কৰি যোগদানৰ ৰাজনীতিৰে পৰিষদৰ চি ই এম তুলিৰাম ৰংহাঙে শক্তি প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ দুৰ্গম অঞ্চলত অৱস্থিত আমটোক-আপাম গাঁৱত বিজেপিৰ বিশাল সভা আয়োজন কৰি কংগ্ৰেছ, APHLC দলৰ তিনি শতাধিক নেতা-কৰ্মী আৰু সমৰ্থকক বিজেপিত যোগদান কৰোৱাই তুলিৰাম ৰংহাঙে বিজেপিৰ শক্তি প্রদর্শন কৰিছে।

সমান্তৰালকৈ অঞ্চলটোত সুদীৰ্ঘ দিন ধৰি অঞ্চলবাসীয়ে সন্মুখীন হৈ অহা জলন্ত সমস্যাৰ বিষয়য়ে ৰাইজৰ সৈতে আলোচনা কৰি বিশেষকৈ আম-ই নদীৰ ওপৰত পকী দলং নিৰ্মাণ, পকী পথ নিৰ্মাণ, বিদ্যালয় স্থাপন আদিৰ কাম সম্পন্ন কৰি ৰাইজৰ সমস্যা দূৰ কৰিব বুলি কাৰ্বি পৰিষদৰ CEM তুলিৰাম ৰংহাঙে আমটোক-আপামবাসীৰ ওচৰত প্ৰতিশ্ৰুতি প্ৰদান কৰে। লগতে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপিক সহায় সহযোগিতা আগবঢ়াই বিজেপি দলক জয়যুক্ত কৰিবলৈও আহ্বান জনাই ৰংহাঙে।

বিধানসভা