২৬'ৰ নিৰ্বাচনত কাৰ্বি পাহাৰৰ পাঁচোটা সমষ্টিতে বৃহৎ জয়ৰ দাবী তুলিৰাম ৰংহাঙৰ

২৬ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাৰ্বি পাহাৰত তুংগত উঠিছে বিজেপিৰ যোগদানৰ ৰাজনীতি। এই যোগদানৰ ৰাজনীতিৰে বিজেপিয়ে কঁপাইছে কাৰ্বি আংলঙৰ কংগ্ৰেছ আৰু APHLC দলৰ ভেঁটি।

author-image
Asomiya Pratidin
New Update
ghfghdfghjuhijik

ডিজিটেল সংবাদ, খেৰণিঃ ২৬ৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কাৰ্বি পাহাৰত তুংগত উঠিছে বিজেপিৰ যোগদানৰ ৰাজনীতি। এই যোগদানৰ ৰাজনীতিৰে বিজেপিয়ে কঁপাইছে কাৰ্বি আংলঙৰ কংগ্ৰেছ আৰু APHLC দলৰ ভেঁটি।

Capturety67tytytu

ইতিমধ্যে পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত কাৰ্বি পৰিষদৰ মূখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ উপিস্থিতিত তিনি সহস্ৰাধিক কংগ্ৰেছ-APHLC দলৰ নেতা-কৰ্মী আৰু সমৰ্থকে বিজেপিত যোগদান কৰা পৰিলক্ষিত হয়। উল্লেখযোগ্য যে, ধাৰাবাহিকভাৱে কাৰ্বি আংলঙৰ ইমূৰৰ পৰা সিমুৰলৈকে বিজেপিয়ে যোগদানৰ ৰাজনীতিৰে বিৰোধীক ভীতিগ্ৰস্ত কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰিছে।

Capturegy7576e45yuh

ইফালে, ২৬ৰ নিৰ্বাচনত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ ৫ টা সমষ্টিতে বিজেপিয়ে বৃহৎ জয়ৰে আসন দখল কৰিব বুলি দাবী কৰে তুলিৰাম ৰংহাঙে। বিধানসভা নিৰ্বাচনত হাইকামাণ্ডে যদি টিকট দিয়ে তেন্তে বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলৈও তুলিৰাম ৰংহাং প্ৰস্তুত আছে বুলিও মন্তব্য কৰে নেতাগৰাকীয়ে।

খেৰণি