/asomiyapratidin/media/media_files/2025/08/31/ujjjd-2025-08-31-10-32-28.jpg)
ডিজিটেল সংবাদ, খেৰণিঃ স্বাস্থ্যখণ্ডৰ ফোঁপোলাস্বৰূপ আৰু বাটপথৰ শোচনীয় অৱস্থাই উদঙাইছে এইবাৰ উন্নয়নৰ প্ৰকৃত ছবি পশ্চিম কাৰ্বি আংলঙত। এইবাৰ ৰোগীক সাঙিৰে কঢ়িয়াই নিবলগীয়া হৈছে চিকিৎসালয়লৈ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/ujj-2025-08-31-10-25-30.jpg)
পশ্চিম কাৰ্বি আংলঙৰ পৰিষদীয় চিংথং সমষ্টিৰ লংচাংতি গাঁৱত দেখিবলৈ পোৱা গৈছে এই অবৰ্ণনীয় আৰু পুতৌজনক দৃশ্য। উল্লেখযোগ্য যে চিকিৎসালয় আৰু সুচল বাটপথৰ অভাৱত গাওঁখনৰ চাৰিম টেৰণ নামৰ ৰোগীজনক এনেদৰে সাঙিৰে কঢ়িয়াই বাটকুৰি বাই চিকিৎসালয়লৈ নিব লগা হৈছে পৰিয়াল তথা গাওঁখনৰ একাংশ লোকে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/fffffffffff-2025-08-31-10-26-09.jpg)
ইতিমধ্যে সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ থকা এই দৃশ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে জিলাবাসীৰ মাজত। মুঠতে অঞ্চলটোৰ পৰিৱেশ-পৰিস্থিতি আৰু ৰাইজৰ অৱস্থা আদিৰ পৰাই অনুমেয় যে "সব কা সাথ, সব কা বিকাশ" বুলি পৰিৱৰ্তনৰ শ্লোগান দি থকা চৰকাৰৰ দিনত কাৰ্বি আংলঙত প্ৰকৃততে কিমান উন্নয়ন হৈছে?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/31/rrrr-2025-08-31-10-26-57.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us