/asomiyapratidin/media/media_files/2026/02/24/jjjdd-2026-02-24-20-53-36.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাটঃ কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাৰ উদ্যোগত মঙলবাৰে লাংহিনৰ মাণিকপুৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ অন্তৰ্গত অঞ্চলত একেদিনাই একেসময়তে বড়ো মাধ্যমৰ ছয়খন প্ৰাথমিক বিদ্যালয়ত শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
বড়ো ভাষাক জীয়াই ৰখা আৰু সুৰক্ষিত কৰি ৰখাৰ বাবে কাৰ্বি আংলং জিলা বড়ো সাহিত্য সভাই এলানি কাৰ্যসূচী গ্ৰহণ কৰি ইতিমধ্যে ১৪ ফেব্ৰুৱাৰীত হাওৰাঘাট অঞ্চলত চাৰিখন গাঁৱত, ১৯ ফেব্ৰুৱাৰীত হাওৰাঘাট তিনি আলি অঞ্চলত দুখন গাঁৱত, ২০ ফেব্ৰুৱাৰীত লাংহিন অঞ্চলত চাৰিখন গাঁৱত, ২৩ ফেব্ৰুৱাৰীত লাংহিন মাণিকপুৰ অঞ্চলত সাতখন গাঁৱত আৰু ২৪ ফেব্ৰুৱাৰীত লাংহিন মাণিকপুৰ প্ৰাথমিক বড়ো সাহিত্য সভাৰ অঞ্চল সমূহত ছয়খন গাঁৱৰ বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা বিষয়ক সজাগতা সভাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
সজাগতা সভা অনুষ্ঠিত কৰা এই ছয়খন ঠাই সমূহ হৈছে ক্ৰমে বানপুৰ বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয়, বাসুগাঁও বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয়, টিলাপাৰা বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয়, দয়দাগ বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয়, শান্তিপুৰ বড়ো মাধ্যম প্ৰাথমিক বিদ্যালয় আৰু ছিং টেৰাং প্ৰাথমিক বিদ্যালয়ত শিক্ষা বিষয়ক সজাগতা সভা অনুষ্ঠিত কৰা হয় ।
এই ছয়খন ঠাইত ছয়খন প্ৰাথমিক বিদ্যালয়ত উপস্থিত থাকি সজাগতা সভাত অংশগ্ৰহণ কৰা বড়ো সাহিত্য সভা, এবছু, কছাৰী সমাজ, আবৌফ, বড়ো কৰ্মচাৰী সন্থা, গাওঁবুঢ়া সন্থাকে ধৰি কেইবাটাও অগ্ৰণী বড়ো সংগঠনৰ বিষয়ববীয়া সকল হৈছে ক্ৰমে দালসিং বসুমতাৰী, মুনিদ্ৰ নাৰ্জাৰী, সুমেশ্বৰ বসুমতাৰী, মগেজ নাৰ্জা বড়ো, বাৰেন্দ্ৰ বসুমতাৰী, সুভাষ বসুমতাৰী, দীনেশ দৈমাৰী, নকুল চন্দ্ৰ ব্ৰহ্ম, ঋতুৰাজ বসুমতাৰী, বিস্তিৰাম দৈমাৰী, সনাৰাম বসুমতাৰী, তনুৰাম দৈমাৰী, জয়ভদ্ৰ বসুমতাৰী, নিৰ্মল বসুমতাৰী,হানুৰাম গয়াৰী, ধৰ্মেন্দ্ৰ খাখলাৰী, ৰাজাৰাম বসুমতাৰী, চৰণ বসুমতাৰী, মৃণালিনী হাজোৱাৰী, নবিন বসুমতাৰী, ৰতেন্দ্ৰ বসুমতাৰী, তৰুণ মোছাহাৰী আদি উপস্থিত থাকে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us