দ্বিতীয় উকা আন্তঃক্লাব ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত তিতাবৰৰ খেলুৱৈৰ সফলতা

দ্বিতীয় উকা আন্তঃক্লাৱ ৰাজ্যিক কাৰাটে প্রতিযোগিতাত উজলি উঠিছে তিতাবৰৰ খেলুৱৈ।

author-image
Asomiya Pratidin
New Update
xzds

ডিজিটেল সংবাদ, বেকাজানঃ বিগত ৩০ আৰু ৩১ আগষ্টত ইউনিফাইড কাৰাটে সন্থা অসমৰ উদ্যোগত আৰু গোলাঘাট জিলা স্প'ৰ্টছ কাৰাটে সন্থাৰ আতিথ্যত জোনাকী নগৰ ৰাজহুৱা প্রেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা দ্বিতীয় উকা আন্তঃক্লাৱ ৰাজ্যিক কাৰাটে প্রতিযোগিতাত উজলি উঠিছে তিতাবৰৰ খেলুৱৈ।

 প্রতিযোগিতাখনত তিতাবৰ জিলা কাৰাটে সন্থাৰ অন্তৰ্গত তিনিটা ক্লাৱ ক্রমে বালিজান কাৰাটে একাডেমি, মহিমাবাৰী কাৰাটে একাডেমি আৰু বোকাহোলা কাৰাটে প্রশিক্ষণ কেন্দ্রই অংশগ্রহণ কৰিছিল। প্রতিযোগিতাখনত তিতাবৰৰ তিনিওটা ক্লাবৰ খেলুৱৈসকলে ৪টা সোণ, ৫টা ৰূপ আৰু ৬টা ব্ৰঞ্জৰ পদকসহ মুঠ ১৫টা পদক অর্জন কৰি তিতাবৰলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

WhatsApp Image 2025-09-02 at 4.46.58 PM (1)

পদকপ্রাপ্ত খেলুৱৈসকল হ'ল-  শায়ন্তন দত্ত কাটা শাখাত সোণৰ পদক, প্রিপাশ্ৰী ৰাজখোৱা কুমিটে শাখাত সোণৰ পদক, নৰোত্তম গোৱালা কুমিটে শাখাত সোণৰ পদক, বেবী সোণোৱাল কুমিটে শাখাত সোণৰ পদক, প্রীয়ানুজ গগৈ কুমিটে শাখাত ৰূপৰ পদক, ৰামেশ্বৰ বাক্তি কুমিটে শাখাত ৰূপৰ পদক, অর্জুন দলে কুমিটে শাখাত ৰূপৰ পদক, ৰক্তিম শইকীয়া কুমিটে শাখাত ৰূপৰ পদক, কৰিশ্মা সন্দিকৈ কুমিটে শাখাত ৰূপৰ পদক, তৃষ্ণা পায়েং কুমিটে শাখাত ব্ৰঞ্জৰ পদক, অচ্যুত তাঁতী কুমিটে শাখাত ব্ৰঞ্জৰ পদক, আহিদুৰ আলী কুমিটে শাখাত ব্ৰঞ্জৰ পদক, ৰাজদীপ সোণোৱাল কুমিটে শাখাত ব্ৰঞ্জৰ পদক, দীপাংকৰ গগৈ কুমিটে শাখাত ব্ৰঞ্জৰ পদক, ভার্গৱ সোণোৱাল কুমিটে শাখাত ব্রঞ্জৰ পদক।

এই প্রতিযোগিতাখনৰ পদকপ্রাপ্ত খেলুৱৈসকলক আগন্তুক কীও ছিনিয়ৰ ৰাষ্ট্ৰীয় প্রতিযোগিতা আৰু ফেডাৰেশ্যন কাপ প্রতিযোগিতাৰ অসম দলৰ নিৰ্বাচনৰ বাবে খেলুৱৈসকলক বাছনি কৰা হ'ব বুলি তিতাবৰ জিলা কাৰাটে সন্থাৰ সম্পাদক মঞ্জিত হাজৰিকাই জানিবলৈ দিয়ে।

কাৰাটে প্ৰতিযোগিতা কাৰাটে