কানাডাস্থিত কপিল শৰ্মাৰ কেফেত চাৰি মাহত তৃতীয়টো আক্ৰমণ...

কানাডাত থকা কপিলৰ কেফেত পুনৰবাৰ সংঘটিত হল গুলীচালনাৰ ঘটনা। বিগত চাৰি মাহৰ ভিতৰত এয়া তৃতীয়টো আক্ৰমণ ঘটনা।

author-image
ৰিম্পী গগৈ
New Update
AP WEB 25

ডিজিটেল ডেস্কঃ বেয়া সময়ে লগ এৰা নাই কমেডিয়ান কপিল শৰ্মাৰ। কানাডাত থকা কপিলৰ কেফেত পুনৰবাৰ সংঘটিত হল গুলীচালনাৰ ঘটনা। বিগত চাৰি মাহৰ ভিতৰত এয়া তৃতীয়টো আক্ৰমণ ঘটনা। সেই স্থানত পূৰ্বৰ তুলনাত নিৰাপত্তা বৃদ্ধি কৰাৰ পিছতো আক্ৰমণকাৰীয়ে পুনৰ গুলীচালনা সংঘটিত কৰিছে। যাৰবাবে ঘটনাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। 

উল্লেখযোগ্য যে, কপিল শৰ্মাৰ কানাডাস্থিত ‘কেপছ কেফে’ত প্ৰথমে জুলাই মাহত আৰু দ্বিতীয়বাৰ আগষ্ট মাহত গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। দেৱালীৰ পূৰ্বে তৃতীয়বাৰৰ বাবে কপিলৰ কেফেত গুলীচালনা কৰা হৈছে। কপিল শৰ্মাৰ কেফেত পূৰ্বে সংঘটিত গুলীচালনাৰ ঘটনাৰ দায়িত্ব স্বীকাৰ কৰিছিল লৰেন্স বিষ্ণোই গেঙে। একেটা গেঙে তৃতীয়টো আক্ৰমণৰ দায়িত্বও স্বীকাৰ কৰিছে। এই গেংটোৱে বলীউডৰ চেলিব্ৰিটিসকলক ভাবুকি দিয়াৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। 

ইফালে, কপিলৰ কেফেত গুলীচালনাৰ ভিডিঅ’ও ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। ইয়াত একাংশ লোকে গাড়ীৰ ভিতৰৰ পৰা কেফেখনলৈ গুলীচালনা কৰা দেখা যায়। গোল্ডি ধিলন আৰু কুলদীপ সিদ্ধুৱে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি পোষ্ট কৰিছে সামাজিক মাধ্যমত। ইমানৰ পাছত কানাডা চৰকাৰে বিষ্ণোই গেঙৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয়। 

কপিল শৰ্মা