'কন্যকা' কৃষি পামত বিৰল প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ বিচৰণ

জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি ভূমি ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ  বুকুত বিচৰণ কৰিছে বিৰল প্ৰজাতিৰ কেইবাবিধো পৰিভ্ৰমী পক্ষীয়ে

author-image
Asomiya Pratidin
New Update
312

ডিজিটেল সংবাদ, জামুগুৰিহাট : জামুগুৰিহাটৰ জীয়াভৰলী নদীৰ পাৰৰ বিশাল কৃষি ভূমি ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামৰ  বুকুত বিচৰণ কৰিছে বিৰল প্ৰজাতিৰ কেইবাবিধো পৰিভ্ৰমী পক্ষীয়ে। শীতৰ আৰম্ভণিৰ লগে লগেই সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা উৰি আহি 'কন্যকা'ৰ বুকুত বিচৰণ কৰিছেহি পক্ষীয়ে।

'কন্যকা'ৰ ভিতৰত থকা জলাশয় আৰু পুখুৰীত বিচৰণ কৰিছে এইসমূহ আলহী পক্ষীয়ে। ধৃতৰাজ, হয়কলি, আকুল , নাইপককে ধৰি পৰিভ্ৰমী পক্ষীৰ লগতে বিৰল প্ৰজাতিৰ টুফেট ডাক, গ্ৰে হেডেট ফ্ৰিচ ঈগল আৰু ব্লেক ফেচ বান্টিঙৰ উপস্থিতি ধৰা পৰিছে কন্যকা'ৰ বুকুত।

যোৱা এমাহ ধৰি কন্যকা'ৰ বুকুত বিচৰণ কৰা পৰিভ্ৰমী পক্ষীৰ ওপৰত দৃষ্টি নিৱদ্ধ ৰখা পক্ষী বিশেষজ্ঞ ’মাচিহ আহমেদ খান'ৰ কেমেৰাৰ লেন্সত আবদ্ধ হৈছে এইসমূহ বিৰল প্ৰজাতিৰ পক্ষীৰ বিচৰণৰ মুহূৰ্ত। পক্ষীবিদ তথা পক্ষী বিশেষজ্ঞ মাচিহ আহমেদ খানে জানিবলৈ দিয়া মতে- শীতৰ বতৰত 'কন্যকা'ৰ জলাশয় আৰু পুখুৰীত বিচৰণৰ দৃশ্য ধৰা পৰা বিৰল প্ৰজাতিৰ পক্ষী কেইবিধ সাধাৰণতে শীতৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতহে দেখিবলৈ পোৱা যায়।

'কন্যকা'ৰ বুকুত পক্ষীৰ বিচৰণৰ বাবে এক  নিৰ্ভৰযোগ্য পৰিৱেশ অটুট থকাটো এক শুভ লক্ষণ বুলিও মত ব্যক্ত কৰে পক্ষীবিদগৰাকীয়ে।

জামুগুৰিহাট