কন্যকা বহুমুখী কৃষি পামে ৩৫হাজাৰ কেজি শাক-পাচলি যোগান ধৰি শংকৰদেৱ সংঘৰ অধিৱেশনত...

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনলৈ হাতত মাথো ৫ টা দিন বাকী। অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত

author-image
Asomiya Pratidin
New Update
KANSSS

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক ৰাজ্যিক অধিবেশনলৈ হাতত মাথো ৫ টা দিন বাকী। অহা ৬,৭ আৰু ৮ ফেব্ৰুৱাৰীত জামুগুৰিহাটৰ ধলাইবিল আৰু চৈবাৰীৰ মাজৰ জ্যেতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব লগা সংঘৰ ৰাজ্যিক অধিবেশন খনিৰ বাবে ইতিমধ্যেই চলিছে অন্তিম  প্ৰস্তুতি ।

এই অধিৱেশনৰ তিনিওটা দিনৰ লাখ লাখ ভকত বৈষ্ণৱৰ আপ্যায়ন তথা খাদ্য প্ৰস্তুত কৰিবৰ  বাবে জামুগুৰিহাটৰে ভৰলীপৰীয়া কন্যকা বহুমুখী কৃষি পামত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে উৎপাদন কৰা ৩৫ হাজাৰ কেজি শাকপাচলিৰ যোগান ধৰা হ'ব।ইতিমধ্যেই ইয়াৰ বাবে কন্যকা কৃষি পাম খনৰ প্ৰায় এক হাজাৰ বিঘা মাটিত কৰা হৈছে আলু, কবি,ৰঙলাওঁ,বেঙেনাৰ,পানী লাওকে ধৰি বিভিন্ন শাকপাচলিৰ খেতি।

অধিবেশনৰ ভকতৰ খাদ্যৰ  বাবে প্ৰয়োজন হোৱা চাউল সমুহো যোগান ধৰিব কন্যকাই। ইয়াৰ লগতে ৰান্ধনীশালাত প্ৰয়োজনীয় শুকান খৰি সমুহো কন্যকাতে ফালি শুকুৱাই ৰখা হৈছে বুলি জনাইছে কন্যকাৰ এগৰাকী কৃষি সৈনিকে৷

অধিবেশনৰ তিনিওটা দিনত জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত সমাগম হ'ব লগা লাখ লাখ ভকতৰ মাজৰে ১৫ হেজাৰ ভকত একেলগে বহি আহাৰ গ্ৰহন কৰিব পৰাকৈ  নিৰ্মান কৰি উলিওা হৈছে পাচঁশ ফুট দীঘল আৰু তিনিশ ফুট বহল আকাৰৰ সুবিশাল ভোজনালয়।আৰু নিৰ্ম্মান কৰা হৈছে তিনিশ টা চৌকা থকা বৃহৎ ৰান্ধনীশালা।

শ্ৰীমন্ত শংকৰদেৱ শংকৰদেৱ