/asomiyapratidin/media/media_files/2025/12/01/new-ap-web-7-2025-12-01-17-44-58.jpg)
ডিজিটেল ডেস্কঃ পুনৰ সাংস্কৃতিক জগতৰ বৃহৎ ক্ষতি। কানাড়া ভাষাৰ প্ৰবীণ অভিনেতা 'মহীশূৰ' শ্ৰীকান্তয়া উমেশৰ দেহাৱসান। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকাৰ অন্তত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট অভিনেতাগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/55281889-0a8.jpg)
দীৰ্ঘদিন ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা অভিনেতাগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও নিয়তিৰ ওচৰত হাৰ মানিলে অভিনেতাগৰাকীয়ে। চলচ্চিত্ৰ জগতৰ অভিনয় কেৰিয়াৰত উমেশে পাঁচ দশকৰো অধিক সময় কাম কৰাৰ লগতে সেই সময়ছোৱাত তেওঁ ৩৫০খনতকৈও অধিক ছবিত অভিনয় কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-image-2025-12-01-17-43-18.jpeg)
১৯৪৫ চনৰ ২৪ এপ্ৰিলত মহীশূৰত জন্ম হৈছিল কানাড়া ভাষাৰ প্ৰবীণ অভিনেতা শ্ৰীকান্তয়া উমেশৰ। মাত্ৰ ৪ বছৰ বয়সৰ পৰাই তেওঁ অভিনয়ৰ যাত্ৰা আৰম্ভ কৰিছিল । মাষ্টৰ কে হিৰণায়াৰ নাট্যদল "লাঞ্চৱতৰা" খ্যাতিৰে আৰম্ভ কৰিছিল এই অভিনয়ৰ যাত্ৰা । ১৯৬০ চনত উমেশে "মক্কালা ৰাজ্য" ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল। বহু উত্থান পতনৰ পাছত অভিনয় যাত্ৰাত তেওঁ এটি উজ্বল নক্ষত্ৰৰ দৰে উজলিছিল।তেওঁ "নাগাৰা হোল", "গুৰু শিশ্যাৰু", "অনুপমা", "কমনা বিলু", "ভেংকটা ইন সংকট" আদি ছবিত সুন্দৰ অভিনয় কৰিছিল। ইপিনে তেওঁ বহুকেইগৰাকী জনপ্ৰিয় কানাড়া অভিনেতাৰ সৈতে অভিনয় কৰিছিল। তেওঁ মৃত্যুত গভৰ শোক প্ৰকাশ কৰিছে প্ৰতিগৰাকী অনুৰাগীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/01/whatsapp-imag-2025-12-01-17-44-03.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us