/asomiyapratidin/media/media_files/2026/01/28/14-2026-01-28-23-38-25.jpg)
ডিজিটেল সংবাদ,বটদ্ৰৱা : নগাঁও জিলাৰ হাতীচোং নমাটি গাঁৱৰ সৰবৰহী মহিলা কনমাই বৰুৱা ওৰফে পেৰিছ বৰুৱাৰ বুধবাৰে বিয়লি বাৰ্ধক্যজনিত কাৰণত বিয়োগ ঘটে। ৮৫ আইমাতৃগৰাকীৰ কিছুদিন ধৰি শাৰিৰীক অসুস্থতাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা গ্ৰহণ কৰি আছিল।
বৰপেটাৰ গলিয়াহাটিৰ সম্ভ্ৰান্ত ব্যক্তি জগদীশ দাসৰ জীয়ৰী পেৰিছ বৰুৱাৰ ১৯৫৯ চনত হাতিচোং নমাটি গাঁৱৰ কুঞ্জমোহন বৰুৱাৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। নমাটি গাঁৱৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ধৰ্মপ্ৰাণ সৰবৰহী আইমাতৄ গৰাকীৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত তেওঁ বৰপুত্ৰ নিৰোদ বৰুৱা, সৰুপুত্ৰ বুধেন বৰুৱা, তিনিগৰাকী বোৱাৰী, জীয়ৰী কল্পনা বৰা, জোৱাই, নাতি নাতিনী সহ বহু আত্মীয়, ইষ্ট কুটুম্বক ইহসংসাৰত এৰি থৈ যায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us