/asomiyapratidin/media/media_files/2025/11/15/ujjjdd-2025-11-15-17-20-33.jpg)
ডিজিটেল ডেস্কঃ ছবি আঁকি ভাল পোৱা ছোৱালীজনীৰ কাহিনী। মানসিকভাৱে ভাগি পৰা ছোৱালীজনীয়ে নিজক পুনৰ শক্তিশালী কৰিবলৈ ছবিৰ মাজতেই সোমাই পৰিছিল। ছবি আঁকিয়েই পাতলাইছিল মন। তাইৰ হাতৰ পৰশতেই কেতিয়াবা পাই উঠিছিল চানমাৰি। নীলা আকাশৰ তলত চানমাৰিৰ উৰণ সেতু আৰু তাৰ সৈতে গান্ধীবস্তিৰ পাহাৰখন যেন ছোৱালীজনীয়ে অকাঁ ছবিখনত একেলগে প্ৰাণ পাইছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/24f85b52-7f15-4f9c-8f08-94f55ab27c45-2025-11-15-17-10-59.jpeg)
ছোৱালীজনীৰ নাম কংকনা গগৈ। বাণিজ্য বিভাগত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে। একাউন্টেন্সীত আছিল মেজৰ। কৰো বুলিলে এটা ভাল চাকৰি নিজৰ বাবে যোগাৰ কৰিব পৰা সক্ষমতা তেওঁৰ আছিল। কিন্তু নিজে কিবা এটা কৰাৰ প্ৰৱল হেপাঁহে ছোৱালীজনীক অন্য এক বাটে লৈ গৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/c2041f5b-0e86-4e0f-8467-265c934fc549-2025-11-15-17-11-27.jpeg)
ছবি অকাঁৰ নিচাক তেওঁ পেচালৈ ৰূপান্তৰ কৰিব বিচাৰিছিল। মনলৈ আহিছিল এক চিন্তা। মাতৃ তিলোত্তমা গগৈৰ সৈতে আলোচনা কৰিলে। কন্য়াৰ পৰিকল্পনাক আদৰি লৈ মাতৃ-কন্যাই একেলগে খোজ দিলে আত্মনিৰ্ভৰশীলতাৰ বাটত। কন্যাৰ লগতে মাতৃয়ে প্ৰস্তুত কৰিলে ভিন্ন সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/9fcb3c51-2528-4fe3-89c5-0908e914204e-2025-11-15-17-11-40.jpeg)
মহিলাৰ বাবে চেইন, কাণফুলি আদিবোৰ ব্যতিক্ৰমী ধৰণে ডিজাইন কৰিলে। ড্ৰয়িং ৰূমত ৰাখিব পৰাকৈ নানা সামগ্ৰী প্ৰস্তুত কৰিলে কংকনাই। কাপোৰৰে মাতৃ তিলোত্তমা গগৈয়ে সাজিলে ফুলদানি। সুন্দৰ সুন্দৰ আকৃতিৰ ম'মো প্ৰস্তুত কৰিলে তেওঁলোকে। মাতৃ-কন্যাই অতিকৈ হেপাহেৰে সজোৱা এই বিপনীখনৰ নাম দিলে- PURPLE GLITY।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/6980253d-315b-488c-8fb5-8fc978373269-2025-11-15-17-12-14.jpeg)
২০২৪ৰ জানুৱাৰীৰ পৰা তেওঁলোকে ব্যৱসায়িকভাৱে আৰম্ভ কৰিলে যাত্ৰা। গুৱাহাটীৰ কাইটছ ফেষ্টিভেলত প্ৰথমবাৰৰ বাবে বিপনী খুলিলে। ৰাইজৰ আদৰ আৰু মৰম পাই তেওঁলোকৰ উৎসাহ দুগুণে চৰিল। তাৰ পিছত আৰু তেওঁলোকে উভতি চোৱা নাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/f0440ddd-7e24-4352-9ecc-5ead29d738ae-2025-11-15-17-12-28.jpeg)
বিগত প্ৰায় দুটা বছৰত গুৱাহাটীত অনুষ্ঠিত হোৱা প্ৰায় বোৰ ফেষ্টিভেলত তেওঁলোকে অংশ ল'লে। তেওঁলোকৰ ব্য়তিক্ৰমী সামগ্ৰীবোৰ গ্ৰাহকে বৰ ভাল পালে। আই আই টি গুৱাহাটী, ৰঙালীৰ পৰা আদি কৰি ডাঙৰ ডাঙৰ অনুষ্ঠানত তেওঁলোকে অংশ লোৱাৰ কথাও আমাক জনালে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/9e3dd262-e8ad-45a2-b3d2-53b80bcc0b95-2025-11-15-17-12-42.jpeg)
আগন্তুক সময়ত তেওঁলোকে এই কামটোক লৈ নতুন পৰিকল্পনাও কৰিছে বহুত। সামাজিক মাধ্যমত তেওঁলোকৰ সকলো সামগ্ৰী গ্ৰাহকে লাভ কৰাৰ বাবে তেওঁলোকে কাম কৰি আছে। গ্ৰাহকৰ বাবে তেওলোকে মুকলি কৰি দিছে এটা ফোন নম্বৰো। ৯৭০৬৫৭৫১৪৩ নম্বৰত যোগাযো কৰিলো আপোনালোকেও ঘৰতেই পাব কংকনাৰ হাতত প্ৰাণ পোৱা বহু সুন্দৰ সুন্দৰ সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/15/85ca947b-471c-417a-9add-86757d509f7c-2025-11-15-17-12-58.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us