প্ৰদান বৰুৱা ব্যক্তিগত সহায়ক কংকনজ্যোতিৰ কেলংকাৰীঃ ব্যৱস্থা গ্ৰহণৰ বাবে সাহস হোৱা নাই প্ৰশাসনৰ, মৌন সাংসদগৰাকীও

সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক কংকণজ্যোতি ভূঞাই মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ পাছতে দল, সংগঠনসমূহৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে

author-image
Tushar Pratim
New Update
প্ৰদান বৰুৱা ব্যক্তিগত সহায়ক কংকনজ্যোতিৰ কেলংকাৰীঃ ব্যৱস্থা গ্ৰহণৰ বাবে সাহস হোৱা নাই প্ৰশাসনৰ, মৌন সাংসদগৰাকীও

ডিজিটেল সংবাদ, ধেমাজিঃ লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ ব্যক্তিগত সহায়ক কংকণজ্যোতি ভূঞাই মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ ধন আত্মসাৎ কৰাৰ ঘটনা পোহৰলৈ অহাৰ  পাছতে ধেমাজি জিলাৰ দল, সংগঠনসমূহৰ মাজত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত আছে। উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ ধন আত্মসাতৰ ঘটনা পোহৰলৈ অহাৰ দুটা মাহ অতিক্ৰম কৰাৰ পাছতো সাংসদ প্ৰদান বৰুৱাই নিৰ্লিপ্ত হৈ থকা কাণ্ডই জিলাবাসী ৰাইজক হতভম্ব কৰি তুলিছে। 

এই কেলেংকাৰীৰ ঘটনাকলৈ ধেমাজি প্ৰেছ ক্লাবত যোৱা মঙলবাৰেই অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ধেমাজি জিলা সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা সমিতিয়ে যুটীয়াভাৱে এক সংবাদ মেল সম্বোধন কৰি কংকণজ্যোতি ভূঞাৰ কেলেংকাৰীৰ সবিশেষ প্ৰকাশ কৰি প্ৰশাসনক তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছিল। কিন্তু এই পৰ্যন্ত প্ৰশাসনে কংকণজ্যোতি ভূঞাৰ বিৰুদ্ধে তেনে কোনো পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। 

উল্লেখ্য যে, উক্ত সংবাদ মেলত দুই সংগঠনৰ বিষয়ববীয়া ক্ৰমে উজ্বল চুতীয়া, সঞ্জীৱ চেতিয়া আৰু  ভৱেন শালৈয়ে সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক কংকনজ্যোতি ভূঞাই মুখ্যমন্ত্ৰী বিশেষ সাহায্য পুঁজি ধনৰ আত্মসাৎ কৰা কেলেংকাৰীৰ তথ্য ৰাজহুৱা কৰিছিল। ধন আত্মসাৎকাৰী সাংসদগৰাকীৰ ব্যক্তিগত সহায়ক কংকনজ্যোতি ভূঞাক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিবলৈয়ো দাবী জনাইছিল দুই সংগঠনে।

ইয়াৰ বাবে সংগঠন দুটাই ধেমাজি প্ৰশাসনক ১০ দিনৰ সময় নিৰ্ধাৰণ কৰি দিছিল। উল্লেখ্য যে কংকণজ্যোতি ভূঞাই মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য পুঁজিৰ পৰা মাতৃৰ নামত ছয়খন চেক যোগে ৩,৭০,০০০ টকা, কংকনা ভূঞা নামৰ ভনীয়েকগৰাকীৰ নামত ১ ৫৭,০০০ টকা আৰু আন দুগৰাকী  ভনীয়েকৰসৈতে মিলাই মুঠ ১৩ খন চেকৰ জৰিয়তে বহু লাখ টকা আত্মসাৎ কৰিছিল। 

তাৰোপৰি তেওঁ বন্ধুবৰ্গৰ নামত ৬ খন চেকৰ জৰিয়তে মুঠ ৩,১৩,০০০ টকাৰ লগতে নিজৰ নামতো নামতো ৫০,০০০ টকা উলিয়াইছিল। এইদৰেই তেওঁ মুঠ ২৭ খন চেকৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ ধন আত্মসাৎ কৰিছিল বুলি উক্ত সংবাদ মেলতে সংগঠন দুটাৰ নেতাই সদৰি কৰিছিল৷ 

সংগঠন দুটাৰ বিষয়ববীয়াই সন্দেহ প্ৰকাশ কৰা মতে কংকণজ্যোতি ভূঞাই সংঘটিত কৰা এই কলেংকাৰীৰ সৈতে সাংসদ প্ৰদান বৰুৱাও জড়িত আছে। যদিহে সাংসদগৰাকী জড়িত নাই তেন্তে আজি দুমাহে তেওঁ কিয় এই বিষয়ত মৌন হৈ আছে বুলি প্ৰশ্ন উত্থাপন হৈছে। যদি সাংসদগৰাকী এই কেলেংকাৰীৰ লগত জড়িত নহয় তেন্তে ইয়াৰ প্ৰত্যুত্তৰ শীঘ্ৰেই দিবলৈ সাংসদগৰাকীক দুই সংগঠনে  মুকলিকৈ দাবী জনাইছে৷

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি কেলেংকাৰী প্ৰদান বৰুৱা