আজি মোৰ ঘৰ ভাঙিছে, কালি উদ্ধৱ ঠাকৰেৰ অহংকাৰ ভাঙিবঃ কংগনা ৰানাৱট… VIDEO

আজি মোৰ ঘৰ ভাঙিছে, কালি উদ্ধৱ ঠাকৰেৰ অহংকাৰ ভাঙিবঃ কংগনা ৰানাৱট… VIDEO

ডিজিটেল ডেস্কঃ বুধবাৰে অভিনেত্ৰী কংগনা ৰানাৱটে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ ওপৰত বাক্যৰ বাণেৰে আক্ৰমণ কৰা এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে। উল্লেখ্য যে, কংগনা ৰানাৱটৰ বাসগৃহ ভাঙি দিয়ে বিএমচিয়ে। তদুপৰি তেওঁৰ মুম্বাইৰ কাৰ্যালয়ো ভাঙিবলৈ লয় যদিও ন্যায়ালয়ে তাত স্থগিতাদেশৰ নিৰ্দেশ দিয়ে।

https://twitter.com/i/status/1303633872731533312

বাসগৃহ ভঙাৰ পাছতে টুইটাৰত আপলোড কৰা ভিডিঅ'টোত কংগনা ৰানাৱটে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীগৰাকী 'তই' সম্বোধন কৰা দেখা গৈছে। তেওঁ ভিডিঅ'টোত কয়- 'উদ্ধৱ ঠাকৰে, তই কি ভাবিছ? মোৰ ঘৰ আজি ভাঙি দিয়া হ'ল, কালি তোৰ অহংকাৰ ভাঙিব। সময় সলনি হৈ থাকে।'

https://twitter.com/i/status/1303636961131782147

কংগনা ৰানাৱটে কাশ্মীৰি পণ্ডিতসকলৰ ওপৰত এখন ছবি নিৰ্মাণৰো কথা উল্লেখ কৰি কয়- 'অৱশেষত মই আজি বুজি পালো যে তেওঁলোকে কিমান লোকচানৰ সন্মুখীন হৈছিল। মই কেৱল অযোধ্যাই নহয়, কাশ্মীৰৰ ওপৰতো ছবি নিৰ্মাণ কৰিম। কাশ্মীৰি পণ্ডিত সকলে কি অনুভৱ কৰিছিল আজি সেয়া মই অনুভৱ কৰিছো।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in