অপৰাধজনিত মানহানিৰ গোচৰঃ উচ্চতম ন্যায়ালয় পালগৈ অভিনেত্ৰী কংগনা ৰাণাৱাট...

সাংসদ তথা বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটে কৃষক আন্দোলন সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থিত হবলগীয়া হৈছে।

author-image
Tushar Pratim
New Update
অপৰাধজনিত মানহানিৰ গোচৰঃ উচ্চতম ন্যায়ালয় পালগৈ অভিনেত্ৰী কংগনা ৰাণাৱাট...

ডিজিটেল ডেস্কঃ সাংসদ তথা বলিউড অভিনেত্ৰী কংগনা ৰাণাৱটে কৃষক আন্দোলন সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এতিয়া উচ্চতম ন্যায়ালয়ৰ মজিয়াত উপস্থিত হবলগীয়া হৈছে। ২০২১ চনৰ কৃষক আন্দোলনৰ সময়ছোৱাত তেওঁ কৰা বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ৰুজো হোৱা মানহানিৰ গোচৰ বাতিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰিছে। 

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত অভিনেত্ৰী কংগনা ৰাণাৱটৰ আবেদনৰ শুনানি গ্ৰহণ কৰা হ’ব। ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ সন্দীপ মেহতাৰ বিচাৰপীঠে তেওঁৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব।

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত কৃষক আন্দোলনৰ সময়ত ছ’চিয়েল মিডিয়াত বিতৰ্কিত পোষ্ট কৰিছিল কংগনাই। তাৰ পিছতেই তেওঁৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল অপৰাধমূলক মানহানিৰ গোচৰ। সেই গোচৰত সকাহ দিবলৈ তেওঁ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল যদিও ন্যায়ালয়ে তেওঁক সকাহ দিয়াৰ পৰা বিৰত থাকে। 

উল্লেখ্য যে, ২০২১ ৰ কৃষক আন্দোলনে সমগ্ৰ দেশ জোকাৰি যোৱাৰ সময়তে কৃষকসকলক উদ্দেশ্যি একাংশই বহু বিতৰ্কিত মন্তব্য আগবঢ়াইছিল। ব্যতিক্ৰম নাছিল বহুবল্কী অভিনেত্ৰী হিচাপেই পৰিচিত কংগনা ৰাণাৱটো। তেওঁ ধাৰাবাহিকভাৱে এই প্ৰতিবাদী কৃষকসকলক উদ্দেশ্যি বিভিন্ন মন্তব্য কৰিছিল। 

আনকি তেওঁ প্ৰতিবাদী কৃষকসকলক খালিস্তানী সন্ত্ৰাসবাদীৰ সৈতেও তুলনা কৰিছিল। কৃষকৰ আন্দোলনৰ সন্দৰ্ভত যিসময়ত পপ তাৰকা ৰিহানা আৰু গ্ৰেটা থানবাৰ্গে এক্সত পোষ্ট কৰিছিল সেই সময়ত কংগনাই আনকি এই দুই পপ তাৰকাকো মূৰ্খ বুলি অভিহিত কৰিছিল। 

পৰৱৰ্তী সময়ত মোডী চৰকাৰে কৃষি আইন তিনিখন প্ৰত্যাহাৰ কৰাৰ সময়ত কংগনা ৰাণাৱটে এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰে। তেওঁ আন্দোলনৰ ফলতে ভাৰত দুৰ্বল হৈ পৰিছে বুলিও উল্লেখ কৰিছিল। 

এনে মন্তব্যৰ বাবেই কংগনাও বহু ঠাইত প্ৰতিবাদৰ সন্মুখীন হৈছিল। বিমান বন্দৰত প্ৰহৃতও হৈছিল। সেইগৰাকী কংগনাই এতিয়া তেওঁৰ বিৰুদ্ধে চলি থকা অপৰাধজনিত মানহানিৰ গোচৰ বন্ধৰ বাবে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱা বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে।

উচ্চতম ন্যায়ালয় কংগনা ৰণাউট