সোণৰ মোহে ধ্বংস কৰিলে এগৰাকী অভিনেত্ৰীৰ জীৱন...

কান্নাড়া অভিনেত্ৰী ৰাণ্যা ৰাৱৰ বিৰুদ্ধে ডুবাইৰ পৰা সোণ চোৰাং কৰাৰ অভিযোগত ১০২ কোটি টকাৰ জৰিমানা আৰোপ কৰিছে ৰাজহ সংগ্ৰহ সঞ্চালকালয়ে (ডিআৰআই)। ২০২৫ চনৰ ৩ মাৰ্চত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত

author-image
Asomiya Pratidin
New Update
ujjj

ডিজিটেল ডেস্কঃ কান্নাড়া অভিনেত্ৰী ৰাণ্যা ৰাৱৰ বিৰুদ্ধে ডুবাইৰ পৰা সোণ চোৰাং কৰাৰ অভিযোগত ১০২ কোটি টকাৰ জৰিমানা আৰোপ কৰিছে ৰাজহ সংগ্ৰহ সঞ্চালকালয়ে (ডিআৰআই)। ২০২৫ চনৰ ৩ মাৰ্চত বেংগালুৰুৰ কেম্পেগৌড়া আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ১৪.৮ কিলোগ্ৰাম সোণৰ সৈতে ৰাণ্যা হাতে-লোটে ধৰা পৰিছিল।

তেওঁৰ তিনিজন সহযোগীৰ ওপৰতো ৫০ কোটিৰ অধিক টকাৰ জৰিমানা আৰোপ কৰা হৈছে। ডিআৰআইৰ তদন্তত প্ৰকাশ পাইছে যে ৰাণ্যাই ২০২৩ৰ পৰা ২০২৫ৰ ভিতৰত ৫২ বাৰ ডুবাই ভ্ৰমণ কৰিছিল। ইয়াৰে ২৭ বাৰ ভ্ৰমণ কেৱল জানুৱাৰী মাহতে কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

তেওঁৰ বিৰুদ্ধে হাৱালাৰ জৰিয়তে ধন স্থানান্তৰৰো অভিযোগ উত্থাপিত হৈছে। ৰাণ্যাৰ সৈতে ব্যৱসায়ী তৰুণ কোণ্ডৰাজু আৰু গহণা ব্যৱসায়ী ছাহিল ছাকাৰিয়া জৈন তথা ভাৰত কুমাৰ জৈনকো গ্ৰেপ্তাৰ কৰা হৈছে। ডিআৰআইয়ে বেংগালুৰুৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অভিযুক্তসকলক ২৫০ পৃষ্ঠাৰ নোটিছ আৰু ২৫০০ পৃষ্ঠাৰ সহায়ক নথিৰ সৈতে জৰিমানাৰ নিৰ্দেশ জাৰি কৰিছে।