/asomiyapratidin/media/media_files/2026/01/04/sddssdds-2026-01-04-09-41-03.jpg)
ডিজিটেল সংবাদ, গহপুৰ: একেলগে ১০ হাজাৰ শিক্ষাৰ্থীয়ে থাকি পঢ়িব পৰাকৈ নিৰ্মাণৰ দিহা কৰা কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ক লৈ যথেষ্ট আশাবাদী উত্তৰ অসমৰ বৌদ্ধিক আৰু শৈক্ষিক সমাজ।গহপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত হেলেম ৰাজহ চক্ৰৰ এলেকাধীন ভোলাগুৰি চাহ বাগিচাৰ পৰিত্যক্ত প্ৰায় ৭৩৮ বিঘা মাটিত আধুনিক পদ্ধতিৰে নিৰ্মাণৰ ব্যৱস্থা কৰা হৈছে কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ।
২০২৫ বৰ্ষৰ ৮ নবেম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা,শিক্ষা মন্ত্ৰী ৰণোজ পেগু,শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্ত আৰু গহপুৰ বিধান সভা সমষ্টিৰ বিধায়ক উৎপল বৰাৰ উপস্থিতিত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে এক ৰাজহুৱা অনুষ্ঠানৰ জৰিয়তে বিশ্ববিদ্যালয়খনৰ ভূমিপুজন আৰু আধাৰশিলা স্থাপন কৰাৰ পিছত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ প্ৰাৰম্ভিক কাম পূৰ্ণ গতিত আগবঢ়া পৰিলক্ষিত হৈছে।
প্ৰাৰম্ভিক পৰ্য্যায়ত আৰ্থ ফিলিঙৰ কাম ৰূপায়ণ কৰি আছে নিৰ্মাণ কাৰী সংস্থাই।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে প্ৰযুক্তিনিৰ্ভৰ প্ৰথমখন বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।সাংস্কৃতিক প্ৰেৰণাৰ অমল উৎস জ্যোতিপ্ৰসাদ আগৰৱালা আৰু দেশপ্ৰেমৰ অমল উৎস কনকলতা বৰুৱাৰ ইতিহাস বিজড়িত গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত মানৱ সম্পদ গঢ়াৰ মন্দিৰ স্বৰূপ কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় নিৰ্মানে অসমৰ শৈক্ষিক জগতত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে অনাগত দিনত গহপুৰ অসমৰ শৈক্ষিক জগতৰ অন্যতম প্ৰাণকেন্দ্ৰ হৈ পৰিব বুলি আশা প্ৰকাশ কৰিছে গহপুৰৰ লগতে উত্তৰ অসমৰ বিদ্বৎ সমাজে।
আধুনিক প্ৰযুক্তি বিদ্যাৰ কোৱাণ্টাম পিজিকছ,কোৱান্টাম কম্পিউটিং,মেচিন লাৰ্নিং,আৰ্টিফিচিয়েল ইণ্টেলিজেণ্ট, ৰবটিক চাইন্সৰ উপৰিও প্ৰতিটো গতানুগতিক পাঠ্যক্ৰমৰ এখন উন্নত মানৰ এখন অত্যাধুনিক বিশ্ববিদ্যালয় হ'ব এইখন কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়। লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া উক্ত বিশ্ববিদ্যালয়ৰ বাবে প্ৰথম পৰ্য্যায়ত ৫০০ কোটিৰ বাজেট ধাৰ্য্য কৰা হৈছে।পৰবৰ্তী পৰ্য্যায়ত আৰু ৫০০ কোটিৰ বাজেট ধাৰ্য্য কৰি একেলগে ১০ হাজাৰ ছাত্র-ছাত্ৰীয়ে থকা আৰু পঢ়াৰ সুবিধা হোৱাকৈ গঢ়ি তোলা হ'ব বিশ্ববিদ্যালয়খন।
তদুপৰি বিশ্ববিদ্যালয়খনৰ সম্পৰ্কত ইতিপূৰ্বে কেইবাবাৰো গহপুৰলৈ অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভোলাগুৰি চাহ বাগিচাৰ লগতে বিশ্ববিদ্যালয়খনক বানপানীৰ পৰা মুক্ত কৰিবলৈ বালিজান নৈৰ মথাউৰি মজবুতকৈ নিৰ্মাণ কৰি উক্ত মথাউৰিৰ ওপৰত পকী পথ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰিছিল।ভোলাগুৰি চাহ বাগিচাৰ কাষেৰে বালিজান নৈৰ মথাউৰি সংলগ্ন পকী পথটো নিৰ্মাণ হৈ হোলেঙীৰ ডনি প'ল' এয়াৰপৰ্টৰ সমীপলৈকে সংযোগ হোৱাৰ কথাও উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে।তদুপৰি ভোলাগুৰি চাহ বাগিচাৰ কাষেৰে পাৰ হৈ যোৱা ৰেল পথ(Gate no- RM -181 Rangia Morkhonceleng/ KM- 218 0/1 From Rangia)ৰ ওপৰত এটা ৰেলেৱে অভাৰব্ৰীজ নিৰ্মাণ হ'ব বুলি ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
যাতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বিশ্ববিদ্যালয়লৈ যোৱা পথটোৰে নিৰাপদ আৰু সুবিধাজনক যাতায়ত কৰিব পৰা যায়।সেয়েহে গহপুৰ বাসী ৰাইজৰ লগতে উত্তৰ অসমৰ ৰাইজে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কামৰ সমান্তৰালভাবে উক্ত বালিজান নৈৰ মথাউৰি সংলগ্ন পকী পথ আৰু ৰেলৱে অভাৰব্ৰীজৰ কাম শীঘ্ৰে আৰম্ভ কৰিবলৈ চৰকাৰৰ ওচৰত আহ্বান জনাইছে।বিশ্ববিদ্যালয় সংলগ্ন আন আন আনুসাংগিক কাম সমূহো সমান্তৰালভাৱে আগবঢ়াই নিলেহে নিদিষ্ট সময়ত বিশ্ববিদ্যালয়খন পূৰ্ণাংগ হৈ উঠিব বুলি আশা প্ৰকাশ কৰিছে বৌদ্ধিক সমাজে।উল্লেখযোগ্য যে জাৰ্মানীৰ বিশ্ববিদ্যালয়ৰ সমপৰ্য্যায়ৰ কৰি তোলাৰ প্ৰয়াসেৰে এই বিশ্ববিদ্যালয়খন গঢ়ি তোলাৰ কথা ইতিমধ্যে উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তদুপৰি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়খনক বিশ্বমানৰ কৰি তুলিবলৈ জাপান আৰু জাৰ্মানীলৈ অসমৰ পৰা শিক্ষা প্ৰতিনিধি পঠিয়াই উন্নত প্ৰযুক্তিৰ তথ্য আহৰণ কৰা হ'ব।এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে যুৱ প্ৰজন্মক "ইণ্ডাষ্ট্ৰী ৪.০"ৰ দক্ষতা আয়ত্ব কৰিবলৈ এখন শক্তিশালী মঞ্চ প্ৰদান কৰাৰ বিষয়ে ইতিমধ্যে উল্লেখ কৰা হৈছে।এই বিশ্ববিদ্যালয়ৰ শৈক্ষিক উন্নয়নৰ বাবে গুৱাহাটী আই আই টিৰ অধ্যাপক ডঃ পৰমেশ্বৰ আয়াৰক মেনটৰ হিচাপে নিযুক্তি দিয়া হৈছে।
নতুন যুগৰ, নতুন দিনৰ,নতুন পাঠ্যক্ৰমৰ,নতুন প্ৰযুক্তিৰ এখন আধুনিক বিশ্ববিদ্যালয় হ'ব কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়।এই বিশ্ববিদ্যালয়খনৰ জৰিয়তে গহপুৰতে যাতে প্ৰযুক্তিৰ সৃষ্টি কৰিব পৰা যায় তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব।বিদেশৰ জাৰ্মান,জাপান, নৰৱেৰ দৰে ঠাইলৈ গৈ সেই ঠাইৰ বিশ্ববিদ্যালয় সমূহৰ তথ্য প্ৰযুক্তিৰ দিশ অধ্যয়ন কৰি কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম তেনেধৰণেৰে সজোৱা হ'ব।চৰকাৰে উল্লেখ কৰা ধৰণে নিদিষ্ট সময়ত বিশ্ববিদ্যালয়খনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠিব বুলি যথেষ্ট আশাবাদী বৌদ্ধিক আৰু শৈক্ষিক সমাজ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us