১০ ছেপ্তেম্বৰৰ পৰা কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেট...

এ চি এৰ উদ্যোগ ১০ ছেপ্টেম্বৰ, বুধবাৰৰ পৰা টি-২০ ফৰ্মেটত কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ’ব।অংশগ্ৰহণকাৰী দলসমূহক ছটা ক্লাষ্টাৰত ভাগ কৰা হৈছে। 

author-image
Tushar Pratim
New Update
১০ ছেপ্তেম্বৰৰ পৰা কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেট...

ডিজিটেল ডেস্কঃ অসম ক্ৰিকেট সন্থাৰ উদ্যোগত অহা ১০ ছেপ্টেম্বৰ, বুধবাৰৰ পৰা টি-২০ ফৰ্মেটত কনকলতা বৰুৱা মহিলাৰ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতা আৰম্ভ হ’ব।অংশগ্ৰহণকাৰী দলসমূহক ছটা ক্লাষ্টাৰত ভাগ কৰা হৈছে। 

সেই অনুযায়ী বৰপেটা  জিলা ক্ৰীড়া সন্থাৰ ডি.এছ.এ খেলপথাৰত: এন এফ ৰে’লৱে, মঙলদৈ, বৰপেটা, কোকৰাঝাৰ আৰু তেজপুৰে,  গোৱালপাৰা ডি.এছ.এ খেলপথাৰত গুৱাহাটী, বিলাসীপাৰা, গোৱালপাৰা, ৰঙিয়া আৰু নগাঁৱে, গোলাঘাট ডি.এছ.এ খেলপথাৰত তিনিচুকীয়া, নাহৰকটীয়া, শিৱসাগৰ, গোলাঘাট, ধেমাজি আৰু পশ্চিম কাৰ্বি আংলঙে, যোৰহাট ডি এছ এ খেলপথাৰত ডিব্ৰুগড়, চৰাইদেউ, বোকাখাত, যোৰহাট, মৰিগাঁও আৰু নাজিৰাই, কাৰ্বি আংলং ডি এছ এ খেলপথাৰত শিলচৰ, হাইলাকান্দি, লখিমপুৰ, শ্ৰীভূমি, কাৰ্বি আংলং আৰু হোজাইয়ে, বঙাইগাঁও ডি এছ এ খেলপথাৰত ধুবুৰী, চিৰাং, ওদালগুৰি, বঙাইগাঁও, লখিমপুৰ আৰু নলবাৰীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াব।

অসম ক্ৰিকেট সন্থা ক্ৰিকেট অসম ক্ৰিকেট