নিষ্ঠুৰতাৰ চৰম সীমা! পছৰীয়াত দুৰ্বৃত্তই বিষ দি মাৰিলে ৭৫ টাকৈ পশুধন

এগৰাকী সফল পশুপালকক এনেদৰে সৰ্বস্বান্ত কৰা কাৰ্যই সকলোকে মৰ্মাহত কৰি তুলিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এই বিৰল নিষ্ঠুৰতাৰ আঁৰত কোন জড়িত আছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-26 at 2.39.29 PM

ডিজিটেল সংবাদ,কামৰূপঃ  কামৰূপ জিলাৰ পছৰীয়াত সংঘটিত এক জঘন্য আৰু অমানৱীয় ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। পছৰীয়াৰ দিবাকৰ কলিতা আৰু ভনিতা কলিতা দম্পতীয়ে কষ্টৰে গঢ়ি তোলা এখন ছাগলী ফাৰ্মত দুৰ্বৃত্তই বিষ প্ৰয়োগ কৰি একেলগে ৭৫ টাকৈ ছাগলী নিধন কৰে।

c4d684c0-23fb-40f7-bb48-bcd102c663d3

এই ফাৰ্মখন আছিল তেওঁলোকৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ উৎস। কেৱল অসমতে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে ছাগলী যোগান ধৰি আহিছিল। উক্ত ফাৰ্মখনৰ জৰিয়তে ৫ জন ব্যক্তিয়েও কৰ্মসংস্থাপন লাভ কৰি নিজৰ পৰিয়াল পোহপাল দি আছিল।

এই জঘন্য কাণ্ডৰ ফলত দম্পতীটোৱে লাখ লাখ টকাৰ লোকচানৰ সন্মুখীন হৈছে। দিবাকৰ আৰু ভনিতা কলিতাই এই সন্দৰ্ভত ন্যায় বিচাৰি কামৰূপ আৰক্ষীৰ কাষ চাপিবলৈ সাজু হৈছে। 

উল্লেখ্য যে, এগৰাকী সফল পশুপালকক এনেদৰে সৰ্বস্বান্ত কৰা কাৰ্যই সকলোকে মৰ্মাহত কৰি তুলিছে। আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব এই বিৰল নিষ্ঠুৰতাৰ আঁৰত কোন জড়িত আছে।

কামৰূপ