/asomiyapratidin/media/media_files/2026/01/09/new-ap-web-11-11-24-new-2-2026-01-09-15-30-05.jpg)
ডিজিটেল সংবাদ, মিৰ্জাঃ ৰাজ্যচৰকাৰৰ এখন অভিলাসী আঁচনি হৈছে জলজীৱন আঁচনি। 'ঘৰ ঘৰ জল,ঘৰ ঘৰ নল' এনে চিন্তাৰে এই অভিলাষী আঁচনিৰ জৰিয়তেই চৰকাৰে ৰাইজক ঘৰে ঘৰে পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰিছিল।
পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত ভোলাগাঁও পাটগাঁও আৰু বালাহপুৰ গাঁৱত দুখনকৈ জলজীৱন আঁচনিৰ কাম আৰম্ভ কৰা হৈছিল। ভোলাগাঁৱত প্রায় দুবছৰ পূৰ্বে এই আঁচনিৰ আধাৰশিলা স্থাপন কৰিছিল পশ্চিম গুৱাহাটী সমষ্টিৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। তেওঁ এই আঁচনিৰ আধাৰশিলা স্থাপন কৰি অঞ্চলটোৰ সংখ্যালঘু ৰাইজে খোৱাপানীৰ বাবে আৰু হাহাকাৰ কৰিব নালাগে বুলিও ভাষণত কৈছিল। কিন্তু এই আঁচনিৰ পৰা আজিও ৰাইজে পানী নাপালে।
এই আঁচনিত জড়িত থকা ঠিকাদাৰ, অভিযন্তাৰ চূড়ান্ত হেমাহি তথা চৰকাৰৰ পৰা ধন মোকলাই নিদিয়াৰ বাবেই এই কাম আধৰুৱাকৈ থাকে বুলি অভিযোগ উত্থাপন হৈছে। আনকি ৰাইজক দেখাকৈ মাজে মাজে ঠিকাদাৰে আহি কাম কৰে যদিও কাম সম্পূর্ণ নোহোৱাত আজিও অঞ্চলটোৰ ৰাইজ পানীৰ পৰা বঞ্চিত হৈছে। লগতে এই আঁচনিখনৰ কেন্দ্ৰ নিৰ্মাণৰ বাবে অনা মূল্যৱান সা-সৰঞ্জামবোৰ য'তে-ত'তে পৰি আছে। ইতিমধ্যে বহু সা-সামগ্রী ভাগি-ছিগি নষ্ট হৈ যাবলৈ ধৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/whatsapp-image-2026-01-09-15-30-23.jpeg)
ইফালে, ভোলাগাঁৱৰ পৰা প্রায় এক কিঃ মিঃ দূৰত্বত থকা বালাহপুৰৰ জলজীৱন আঁচনিখনৰো একেই অৱস্থা। বালাহপুৰত থকা এই আঁচনিৰ কেন্দ্ৰৰ মূল্যৱান টেংক, আবাস আদি বিভাগীয় কর্তৃপক্ষই বং কৰাৰ উপৰি আশে-পাশে পথ খান্দি পানীৰ টেপ আৰু পাইপ বহুওৱাৰ পিচতো ৰাইজে নাপালে পানী। ফলত এই আঁচনিখনৰো কেন্দ্ৰৰ সা-সৰঞ্জাম, টেপ, পাইপ আদি ভাগি-চিগি যাবলৈ ধৰিছে। আনকি এই আঁচনিখন হাবি-জংঘলৰ বাহ হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/whatsapp-image-202-2026-01-09-15-30-53.jpeg)
গুৰুত্বপূর্ণ যে, ভোলাগাঁও আৰু বালাহপুৰত এই আঁচনিখনৰ পৃথকে আধাৰশিলা স্থাপন কৰাৰ দিন ধৰি সেই ঠাইত উপস্থিত নহ'ল বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই।ইতিমধ্যে এই সমষ্টিটো বৰ্তমান পলাশবাৰী সমষ্টিত সংলগ্ন হৈছে। ৰাইজৰ অভিযোগমর্মে বিধায়ক হেমাংগ ঠাকুৰীয়াই ভোলাগাঁও আৰু বালাহপুৰ এই দুয়োখন আঁচনিত সংঘটিত ঘটনাৰ বাবে দুখ প্রকাশ কৰিছিল। এই দুয়োখন আঁচনিৰ কাম সুচল কৰি ৰাইজৰ মাজত খোৱাপানীৰ ব্যৱস্থা কৰিব বুলি কৈছিল যদিও আজিলৈকে পুৰণ নহল সেই প্ৰতিশ্ৰুতি।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/09/whatsapp-image-2026-01-09-15-32-11.jpeg)
এইক্ষেত্ৰত ভোলাগাঁও ৰাইজ গয়ৰহৰ সভাপতি চিৰাজ আলী, বিষয়ববীয়া আইনুল আলী,সুভাষ আলী আদিকে ধৰি কেইবাজনো লোকে এই আঁচনিৰ কাম আৰম্ভ কৰিবলৈ ঠিকাদাৰক আহ্বান জনাইছে। নহ'লে এই আঁচনিৰ মূল্যৱান সা-সৰঞ্জাম আদি বিকল হোৱাৰ লগতে চুৰি হোৱাৰ আশংকা আছে।
ইফালে, চৰকাৰে বিভিন্ন সময়ত শ্ল'গান দি 'ঘৰে ঘৰে নল-ঘৰে ঘৰে জল' ঘোষণা কৰিছিল যদিও পশ্চিম গুৱাহাটী সমষ্টিৰ ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্গত এই আঁচনি দুখনৰ দুৰৱস্থাই প্ৰমাণ কৰে যে এই আঁচনিবোৰ ঠিকাদাৰ, মন্ত্ৰী-বিধায়ক, অভিযন্তাৰ ধন ঘটা আঁচনিতহে পৰিণত হৈছে। লগতে গাঁৱে-ভূঞে এই জলজীৱন আঁচনিবোৰৰ নামত ব'ৰিং আদিৰ বাবে বহু ঠাইত জলপৃষ্ঠ তললৈ নামি যোৱাৰ অভিযোগ আহিছে। ফলত ঠায়ে ঠায়ে দমকল-কুঁৱাৰ পানী শুকাবলৈ ধৰিছে। যাৰ বাবে আজিও এই সমষ্টিটোৰ সীমান্তৱতী বহু লোকে নিজৰা, নৈ আদিৰ পৰা পানী আনি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us