/asomiyapratidin/media/media_files/2026/02/12/roadddkldjkfkdf-2026-02-12-22-35-10.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা জিলা পথ সুৰক্ষা সমিতিৰ অধ্যক্ষ স্বপ্নীল পালৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত অতিৰিক্ত আয়ুক্ত মৃণাল বৰা, জিলা পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব অভিজিৎ চৌধুৰী, পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস, পৰিবহণ বিভাগৰ সহকাৰী আয়ুক্ত তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰীৰ সচিব তামচিন আফটাব, জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসকে ধৰি শিক্ষা, লোকনিৰ্মান, স্বাস্থ্য, আবকাৰী আদি পথ সুৰক্ষাৰ সৈতে জড়িত বিভিন্ন বিভাগৰ বিষয়াসকল গুৰুত্বপূৰ্ণ বৈঠকখনত উপস্থিত থাকে।
বৈঠকত জিলা আয়ুক্তগৰাকীয়ে জিলা পথ সুৰক্ষা সমিতিৰ বৈঠকসমূহ কেৱল আলোচনাৰ মাজতে সীমাৱদ্ধ নাৰাখি আগন্তুক দিনত জিলাখনৰ এক অগ্ৰণী শক্তি হিচাপে গ্ৰহণ কৰি মহানগৰবাসীৰ জলন্ত সমস্যাৰাজিৰ স্থায়ী আৰু তাৎক্ষণিক সমাধানত মনোনিৱেশ কৰিবলৈ সকলোকে নিৰ্দেশ দিয়ে।
তেওঁ কয় যে- প্ৰতিমাহে অনুষ্ঠিত জিলাপথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন কাম আৰু কাৰ্যপন্থা মাহৰ শেষলৈকে ৰৈ নাথাকি যিটো কামৰ বাবে যিমান সময়ৰ প্ৰয়োজন তাৰ ভিতৰতে সঠিকভাৱে সম্পূৰ্ণ কৰিব লাগিব৷ তেতিয়াহে জিলা পথ সুৰক্ষা সমিতিৰ প্ৰকৃত লক্ষ্য-উদেশ্যত উপনীত হ’ব পৰা যাব।
জিলা আয়ুক্তগৰাকীয়ে আনকি পথ সুৰক্ষা সমিতিৰ বৈঠকত গ্ৰহণ কৰা বিভিন্ন কাম-কাজসমূহ সঠিক সময়ৰ ভিতৰতে আৰু নিয়াৰিকৈ সম্পন্ন হৈছে নে নাই তাৰ তদাৰক কৰিবলৈ এখন সমিতি গঠনৰ বাবেও নিৰ্দেশ দিয়ে। মহানগৰ জিলাখনত পথ দুৰ্ঘটনা ৰোধ কৰাৰ লগতে দুৰ্ঘটনাত নিহতৰ সংখ্যা যিমান পাৰি সিমান কমাই আনিবৰ কাৰণে পথ সুৰক্ষাৰ লগত জড়িত বিভাগসমূহক নিৰ্দেশ দিয়ে।
ইফালে, দুৰ্ঘটনাত কোনো লোক নিহত হ’লে ততালিকে উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ বিচাৰি উলিয়াই এইক্ষেত্ৰত উপযুক্ত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে৷ বৈঠকৰ আৰম্ভণীতে “ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ- ২০২৬” উপলক্ষে বিগত মাহটোত মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত গ্ৰহণ কৰা বিভিন্ন সজাগতামূলক কাৰ্যসূচী, কাৰ্যপন্থা সন্দৰ্ভত পথ সুৰক্ষা সমিতিৰ সদস্য-সচিব অভিজিৎ চৌধুৰীয়ে বিভাগ আৰু সামাজিক-সাংস্কৃতিক অনুষ্ঠানসমূহৰ পৰা কামৰ খতিয়ান গ্ৰহণ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us