/asomiyapratidin/media/media_files/2026/02/27/land-patta-nnn-2026-02-27-21-27-26.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ মিছন বসুন্ধৰা ৩.০ৰ অধীনত ৰাজ্যজুৰি আৰু সমষ্টিভিত্তিক খিলঞ্জীয়া ভূমিহীন পৰিয়াল আৰু প্ৰতিষ্ঠানসমূহৰ সুৰক্ষিত ভূমি অধিকাৰ সুনিশ্চিত কৰাৰ দিশে ডিজিটেল পট্টা,আবন্টন/বন্দৱস্তিৰ পত্ৰ আৰু আৱন্টন /বন্দৱস্তিৰ প্ৰস্তাৱ গ্ৰহণৰ পত্ৰ বিতৰণৰ অনুষ্ঠান শুকুৰবাৰে কামৰূপ মহানগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়।
পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভূমি পট্টা বিতৰণ কৰে। আজি আনুষ্ঠানিকভাৱে ৩৫ নং নিউ গুৱাহাটীৰ ১২ গৰাকী আৰু ৩৬ নং চেন্ট্ৰেল গুৱাহাটীৰ ২৪ গৰাকী ব্যক্তিক পট্টা প্ৰদান কৰা হয় আৰু পৰৱৰ্তী পৰ্যায়ত বাকী থকা ব্যক্তিসকলৰ মাজত ভূমি পট্টা বিতৰণ কৰা হ'ব।
শুকুৰবাৰৰ এই অনুষ্ঠানত নিউ গুৱাহাটী সমজিলা আয়ুক্ত অৰুন্ধতী নৰহ মিপুন,অতিৰিক্ত জিলা আয়ুক্তদ্বয় হেমাংগ নবিশ আৰু ৰাজা বৈশ্য, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। একেদৰে ডিমৰীয়া সমজিলাতো গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়ে ভূমি পট্টা বিতৰণ কৰে। সম জিলাখনত ১২৯ গৰাকী ব্যক্তিয়ে পট্টা লাভ কৰাৰ বিপৰীতে ২২৫ টা অনুষ্ঠান-প্ৰতিষ্ঠানে ভূমি পট্টা লাভ কৰে।
তদুপৰি ১৫ গৰাকী লোকৰ বাবে ভূমি আৱণ্টনৰ প্ৰস্তাৱ দিয়া হৈছিল। ডিমৰীয়া সমজিলাৰ আজিৰ অনুষ্ঠানত সমজিলা আয়ুক্ত কংকন শৰ্মা, অসম গুদাম নিগম সীমিতৰ উপাধ্যক্ষ ড০ তপন দাস,চক্ৰ বিষয়া ,সহকাৰী আয়ুক্ত তথা শাখা বিষয়াৰ( ভূমি ৰাজহ)আৰু চক্ৰ বিষয়াৰ (সংলগ্ন) উপস্থিত থাকে। উল্লেখযোগ্য যে, এই পদক্ষেপে অসমৰ খিলঞ্জীয়া জনসাধাৰণক স্বত্ত্বাধিকাৰ প্ৰদান কৰি তেওঁলোকৰ সামাজিক-আৰ্থিক সুৰক্ষা সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হ'ব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us