কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস সম্পন্ন

গ্ৰীণ অস্কাৰ বঁটা প্ৰাপ্ত বিশিষ্ট পৰিবেশ কৰ্মী তথা হাড়গিলা আৰ্মী ৰূপে খ্যাত  ড° পূৰ্ণিমা দেৱী বৰ্মনক বিশেষ সম্বৰ্ধণা জ্ঞাপনৰ লগতে ড° ৰূপা বৰকটকীক প্ৰদান কৰা হ'ল গণশিল্পী  বীৰেন দাস স্মাৰক সাংস্কৃতিক বঁটা ২০২৫...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,কামৰূপঃ  কামৰূপ সাংবাদিক ঐক্য মঞ্চৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কামৰূপৰ বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আলোচনা চক্ৰৰ লগতে বঁটা প্ৰদান আৰু সম্বৰ্দ্ধনা সভা অনুষ্ঠিত হয় ৷ 

ছাত্ৰ-ছাত্ৰী তথা নৱ প্ৰজন্মৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা আলোচনা চক্ৰৰ বিষয় আছিল “সাম্প্ৰতিক সময়ত  অসমৰ থলুৱা কৃষ্টি-সংস্কৃতিৰ প্ৰতি নৱ প্ৰজন্মৰ  আগ্ৰহ, সংবাদ মাধ্যম আৰু সমাজৰ ভুমিকা। ” 

আলোচনা চক্ৰত আমন্ত্ৰিত অতিথি হিচাপে অংশ গ্ৰহণ কৰে এন কে টিভি প্লাচৰ সাংবাদিক পাৰ্থ প্ৰতিম শৰ্মা, প্ৰতিদিন টাইমৰ সাংবাদিক হিমাক্ষী বৰুৱাৰ লগতে অতিথি হিচাপে অংশ গ্ৰহণ কৰে বিশিষ্ট সমাজ সেৱক তথা প্ৰাক্তন আছু নেতা প্ৰকাশ দাস।

এই অনুষ্ঠানতে বিশিষ্ট পৰিবেশ কৰ্মী হাড়গিলা আৰ্মী ৰূপে খ্যাত ড° পূৰ্ণিমা দেৱী বৰ্মনক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। অন্যহাতে বিশিষ্টা সাংস্কৃতিক কৰ্মী, অভিনেত্ৰী ৰূপা বৰকটকীক গণ শিল্পী বীৰেন দাস স্মাৰক সাংস্কৃতিক বঁটা ২০২৫  প্ৰদান কৰা হয় ৷

অনুষ্ঠানটিৰ আৰম্ভণিতে বিদ্যালয়খনৰ ছাত্ৰীসকলে সমবেত-সংগীত পৰিবেশন কৰে। অনুষ্ঠানটোত উপস্থিত থাকে অঞ্চলটোৰ  বিশিষ্ঠ ব্যক্তি সকলৰ লগতে জিলাখনৰ বহুকেইগৰাকী সংবাদকৰ্মী ।

কামৰূপ