'আত্মা'ৰ উদ্যোগত, কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আবতৰীয়া কৃষি পদ্ধতিৰ প্ৰশিক্ষণ সম্পন্ন

শাক-পাচলিৰ চাহিদালৈ লক্ষ্য ৰাখি বৰ্তমান সময়ৰ কৃষিক্ষেত্ৰৰ নৱতম সংযোজন হ'ল আবতৰীয়া কৃষি পদ্ধতি। কৃষি বিভাগে বৰ্তমান এই আবতৰীয়া কৃষিত বাৰুকৈয়ে গুৰুত্ব প্ৰদান কৰিছে। 

author-image
Asomiya Pratidin
New Update
'আত্মা'ৰ উদ্যোগত, কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আবতৰীয়া কৃষি পদ্ধতিৰ প্ৰশিক্ষণ সম্পন্ন

ডিজিটেল সংবাদ কামপূৰঃ শাক-পাচলিৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমান সময়ৰ কৃষিক্ষেত্ৰৰ নৱতম সংযোজন হ'ল আবতৰীয়া কৃষি পদ্ধতি। কৃষি বিভাগে বৰ্তমান এই আবতৰীয়া কৃষিত বাৰুকৈয়ে গুৰুত্ব প্ৰদান কৰিছে। 

Advertisment

এইক্ষেত্ৰত কৃষকসকলক সময়ে সময়ে প্ৰশিক্ষণ দিয়াৰ লগতে কৃষি কৰিবৰ বাবে প্ৰয়োজনীয় পলিহাউচৰ ব্যৱস্থাও কৰিছে। আজি কামৰূপ জিলাৰ পুঠিমাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা চমুকৈ আত্মাৰ উদ্যোগত তথা কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত জিলা পৰ্যায়ত এখনি প্ৰশিক্ষণৰ আয়োজন কৰা হয়। 

'আত্মা'ৰ উদ্যোগত, কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আবতৰীয়া কৃষি পদ্ধতিৰ প্ৰশিক্ষণ সম্পন্ন

কমলপুৰ কৃষি চক্ৰৰ কৃষি বিষয়া ড° নিলাক্ষী কাকতিয়ে আঁত ধৰা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে পুঠিমাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নিত্যানন্দ কলিতা আৰু ৰঙিয়াৰ প্ৰগতিশীল কৃষক মিনাৰ আহমেদ। উক্ত সভাত কৃষকসকলক কম খৰচত পলিহাউচত কেনেকৈ আবতৰীয়া কৃষি কৰিব লাগিব সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। 

'আত্মা'ৰ উদ্যোগত, কামৰূপ জিলা কৃষি বিভাগৰ সহযোগত আবতৰীয়া কৃষি পদ্ধতিৰ প্ৰশিক্ষণ সম্পন্ন

ভাষণ প্ৰসংগত মহাবিদ্যালয়ৰ অধ্যক্ষ কলিতাই শিক্ষাৰ্থীসকলক কৃষি কৰ্মৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে মহাবিদ্যালয়ৰ প্ৰাংগণত পলিহাউচ প্ৰস্তুত কৰি আবতৰীয়া কৃষিৰ ব্যৱহাৰিক শিক্ষা দিয়াৰো ইচ্ছা প্ৰকাশ কৰে। এইক্ষেত্ৰত অঞ্চলতোৰ প্ৰগতিশীল কৃষক দেবেন ডেকাই মহাবিদ্যালয়খনক সহায় সহযোগিতা আগবঢ়াব বুলি জনায়।

আত্মাৰ ব্লক টেকন'ল'জী মেনেজাৰ ড° ললিতা দেৱী, কৃষি পৰিদৰ্শক মুকুট শৰ্মাৰ লগতে পঞ্চাশগৰাকীমান কৃষক তথা মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

কৃষি কৃষি বিজ্ঞান