/asomiyapratidin/media/media_files/2025/08/26/whatsapp-image-20-2025-08-26-10-59-31.jpeg)
ডিজিটেল ডেস্ক,গুৱাহাটীঃ দক্ষিণ কামৰূপৰ নৈ পৰীয়া অঞ্চল গৰৈমাৰী, নগৰবেৰা, কালাতলী, সোণতলী আদি ২ দশকৰ আগলৈকে বান বিধ্বস্ত অৱহেলিত অঞ্চল আছিল। এক কথাত ক'বলৈ গ'লে মৌলবাদী মাতবৰ,জমিদাৰ আৰু তেওঁলোকক পৃষ্ঠপোষকতা আগবঢ়োৱা ৰাজনৈতিক নেতা-বিষয়াৰ সন্মিলিত চক্ৰৰ ছত্ৰছায়াতে অঞ্চলটোত শেহতীয়াকৈ অপৰাধীৰ ঘাটিত পৰিণত হৈছে।
এই অপৰাধ আকৌ সাধাৰণ চোৰ-ডকাইতত অথবা ড্ৰাগছৰ সৰবৰাহতে ক্ষান্ত থকা নাই। শেহতীয়াকৈ সোণতলীক কেন্দ্ৰ কৰি নৈ পৰীয়া বিশাল অঞ্চলটোক এচাম লোকে চাইবাৰ-অপৰাধ, বিশেষকৈ বেংক একাউন্ট হেক কৰি টকা উলিয়াই নিয়া অনলাইন জুৱা, বনজ সম্পদৰ চোৰাং সৰবৰাহ আদিৰ ঘাটি হৈ পৰিছে।
যাৰ জৰিয়তে বিশেষ এক চক্ৰৰ শ শ কোটি টকাৰ অবৈধ লেন-দেন আৰু নিজৰ ঘৰত নেতাৰ ধন-জমা ৰখাৰ দৰে কাৰ্যও ইয়াত সহজসাধ্য হৈ পৰিছে। এই বিশাল চক্ৰটোৰ দুজনমানক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও কেইজনমান বিশেষ ৰাজনৈতিক নেতা আৰু আৰক্ষী বিষয়াই তেওঁলোকক সহজে আৰক্ষীৰ কবলৰ পৰা উলিয়াই নিয়ে।
অতি শেহতীয়াকৈ পানবজাৰ আৰক্ষীয়ে চাইবাৰ অপৰাধী চক্ৰৰ পম খেদি দেওবাৰে ছাহজামাল নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে যদিও ৰাংগাপানীৰ মুছা,ৰৌমাৰীৰ ৰফিকুল ইছলাম, সোণতলীৰ জাহিদুল ইছলাম আদিৰ দৰে ৰাজনৈতিক নেতাৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা লোক সকলক গ্ৰেপ্তাৰ কৰা হোৱা নাই। অথচ এইসকলক গ্ৰেপ্তাৰ কৰিলে তেওঁলোকৰ মূৰত সুৰক্ষাৰ ছাতি ধৰি থকা বহু প্ৰভাৱশালী ব্যক্তিও আৰক্ষীৰ জালত পৰিব।
অৱশ্যে ইয়াৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ হস্তক্ষেপৰ প্ৰয়োজন হ'ব। কিয়নো তেওঁলোকৰ প্ৰতি প্ৰভাৱশালী ৰাজনৈতিক নেতা-আমোলাৰ বিশেষ আশীৰ্বাদ আছে। এনে পৰিস্থিতিত সোণতলী,গৰৈমাৰী,কালাতলী,নালাপাৰা আদি অঞ্চলক সাংস্কৃতিক আৰু বিদ্যায়তনিকভাৱে আগবঢ়াই নিবলৈ নিৰৱিছিন্ন প্ৰচেষ্টা অব্যাহত ৰখা বৌদ্ধিক, বিদ্যায়তনিক, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ জ্যেষ্ঠ লোক সকলে মুখ্যমন্ত্ৰী গৰাকীক বিশেষ ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে।