Advertisment

চৰকাৰৰ পৰা ঋণ লৈ স্বাৱলম্বিতাৰ বাট দেখুৱাইছে কামপুৰৰ ১০ গৰাকী মহিলাই

কামপুৰৰ নতুন মাজআটি গাঁৱৰ "নিজৰা "আত্মসহায়ক গোটৰ মহিলা সকলে দীৰ্ঘদিন ধৰি ধূপ ;আচাৰ ;কাপোৰ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে ১০জনৰ বাবে আদৰ্শ হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
g

ডিজিটেল সংবাদ,কামপুৰঃ  ৰাজ্যত নিৱনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ সময়তে কামপুৰৰ দহ গৰাকী মহিলাই নিজ কৰ্মৰে দেখুৱাইছে স্বাৱলম্বিতাৰ বাট। কামপুৰৰ নতুন মাজআটি গাঁৱৰ "নিজৰা "আত্মসহায়ক গোটৰ মহিলা সকলে দীৰ্ঘদিন ধৰি ধূপ ;আচাৰ ;কাপোৰ বিক্ৰী কৰি নিজৰ পৰিয়াল পোহপাল দিয়াৰ লগতে ১০জনৰ বাবে আদৰ্শ হৈ পৰিছে।

Advertisment

ইতিমধ্যে গোটৰ এই সকল সদস্যাই চৰকাৰী অথবা বে-চৰকাৰী ভাৱে আয়োজন কৰা খাদ্যমেলাকে ধৰি বিভিন্ন ধৰণৰ কাৰ্যসূচীত অসমীয়াৰ খাদ্য সম্ভাৰ বিভিন্ন ধৰণৰ পিঠা লাৰু আদি প্ৰদৰ্শনৰ লগতে বিক্ৰী কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।

শেহতীয়াভাৱে গোটটোৱে কঠীয়াতলী উন্নয়ন খণ্ডৰ জৰিয়তে বেংকৰ পৰা প্ৰায় তিনিলাখ টকাৰ ৠণ লৈ টিনা ৰবি দাস নামৰ মহিলা গৰাকীয়ে এটা ধান খুন্দা মেচিন ক্ৰয় কৰাৰ লগতে বিভিন উন্নয়ন মূলক কামত হাত দিছে।

এই ক্ষেত্ৰত কঠীয়াতলী উন্নয়ন খণ্ডৰ বিষয়া গৰাকীৰ লগতে কঠীয়াতলী উন্নয়ন খণ্ডৰ জীৱিকা অভিযান মিচন আৰু তেঁতেলী পঞ্চায়তৰ জীৱিকা সখী গৰাকীয়ে বিভিন্ন সময়ত গোটৰ কৰ্মসূচীত সহায় সহযোগ আগবঢ়োৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।লগতে মানুহে বিভিন্ন সময়ত লোৱা ঋণ সঠিক ব্যৱহাৰ কৰি সঠিক সময়ত ঋণ পৰিশোধ কৰিলে জীৱনত সফল হব পাৰে বুলি মন্তব্য কৰে।

কামপুৰ