সামৰণি পৰিল সদৌ তিৱা ছাত্ৰ সন্থাৰ কামপুৰৰ দ্বিবাৰ্ষিক অধিবেশন...

"নিৰ্বাচনী টোপ আছিল ষষ্ঠ অনুসূচী অন্তভুক্তি কৰনৰ প্ৰতিশ্ৰুতি। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যদি সদ্দিছা থাকে তেনেহলে আমাক ষষ্ঠ অনুসূচীত অন্তভুক্তি কৰিব পাৰে। তিৱা সকলক ষষ্ঠ অনুসূচীত অন্তুভূক্তি

author-image
Asomiya Pratidin
New Update
ujdjdjd

ডিজিটেল সংবাদ, কামপুৰঃ  "নিৰ্বাচনী টোপ আছিল ষষ্ঠ অনুসূচী অন্তভুক্তি কৰনৰ প্ৰতিশ্ৰুতি। অসম চৰকাৰ বা ভাৰত চৰকাৰৰ যদি সদ্দিছা থাকে তেনেহলে আমাক ষষ্ঠ অনুসূচীত অন্তভুক্তি কৰিব পাৰে। তিৱা সকলক ষষ্ঠ অনুসূচীত অন্তুভূক্তি কৰিলে সকলো জাতি জনগোষ্ঠীৰ উন্নয়ন হব। আমি আশাবাদী চৰকাৰে ইচ্ছা কৰিলে কৰিব পাৰে।- কামপুৰত সাংবাদিকৰ আগত এই মন্তব্য কৰে সদৌ তিৱা ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সভাপতি  বিমান প্ৰতিম মচৰঙে।

উল্লেখ্য যে নগাঁ জিলাৰ কামপুৰৰ তেঁতেলীসৰা গ্ৰাণ্ট গাঁৱৰ নৰহৰি ডেকাৰজা ক্ষেত্ৰত  যোৱা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত দুদিনিয়াকৈ অনুষ্ঠিত হৈছিল সদৌ তিৱা ছাত্ৰ সন্থাৰ দ্বাদশ দ্বি বাৰ্ষিক অধিবেশন।দুদিনীয়া এই কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তিৱা জনগোষ্ঠীলোকৰ লগতে বিভিন্ন জনজাতীয় সংগঠনৰ প্ৰতিনিধি বৰ্গ উপস্থিত থাকে।৩১ জানুৱাৰীৰ পুৱা কাৰ্যকৰী সভাপতি কল্যান ৰাজখোৱাই অধিবেশনৰ মূল তোৰণ মুকলি কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।

ইয়াৰ পিছতে বিভিন্ন কাৰ্যসূচীৰ মাজৰে নিশাৰ ভাগলৈ প্ৰতিনিধি সভাখন অনুষ্ঠিত হয়।শিক্ষক শ্যমন্ত পাটৰে শুভাৰম্ভ কৰা  কেন্দ্ৰীয় প্ৰতিনিধি সভাখনত আগন্তুক বৰ্ষৰ বাবে সংগঠনটোৰ নৱ গঠিত ২১ জনীয়া পূৰ্ণাংগ কেন্দ্ৰীয় সমিতি গঠন কৰা হয়। সভাই সভাপতি হিচাপে বিমান প্ৰতিম মচৰেং আৰু সাধাৰণ সম্পাদক হিচাপে প্ৰমোদ ছাগ্ৰাক দায়িত্ব অৰ্পণ কৰে।এক ফেব্ৰুৱাৰীৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি   বিমান প্ৰতিম মচৰেং।

ইয়াৰ পিছতে তিৱা আন্দোলনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু তিৱাসকলৰ পিতৃ ফা পৰোই ইন্দ্ৰসিং দেউৰী (ইডং আমছি)ক শ্ৰদ্ধাঞ্জলি জ্ঞাপন ATSU-ৰসাধাৰণ সম্পাদক প্ৰমোদ ছাগ্ৰাই।ইয়াৰ পিছতে তিৱা কৃষ্টি -সংস্কৃতি প্ৰদৰ্শন কৰি তেঁতেলীসৰাৰ ৰাজপথত এক সাংস্কৃতিক শুভাযাত্ৰা বাহিৰ কৰা হয়।

সাংস্কৃতিক শুভাযাত্ৰাত প্ৰায় পাঁচ শতাধিক তিৱা পুৰুষ -মহিলা যুৱক -যুৱতীয়ে অংশ লৈ তিৱা জাতীয় নৃত্য -গীত প্ৰদৰ্শন কৰে।দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হয় অসমৰ বিভিন্ন জাতি -জনগোষ্ঠীৰ নৃত্য -গীতৰ সমাহাৰৰে এক সাংস্কৃতিক অনুষ্ঠানৰ।এই অনুষ্ঠানত কাৰ্বি ;তিৱা ;ৰাভা আদি জনগোষ্ঠীয় লোক সকলে নিজৰ স্বকীয় নৃত্য গীত প্ৰদৰ্শন কৰে।বিয়লি তিনিবজালৈ বিমান প্ৰতিম মচৰেংৰ সভাপতিত্বত অনুস্থিত হয় মুকলি সভা খন।

মুকলি সভাখনত সমাজকৰ্মী লিটচং ৰাংফাৰ ;সমাজকৰ্মী দিপেন দেউৰী;কাৰ্বি ছাত্ৰ সন্থাৰ সাধাৰন সম্পাদক বিশ্বজিৎ টেৰন ;ADSU সভাপতি অবিনাশ দেউৰী ;NDTS সভাপতি দেবেন কুমাৰ বড়ো উপস্থিত থাকি অসমৰ জনজাতি লোক সকলৰ লগতে তিৱা জনগোস্বীক সাংবিধানে প্ৰদান কৰা অধিকাৰ সমূহ চৰকাৰে প্ৰদান কৰি জনগোষ্ঠী সমূহৰ সমূহৰ সৰ্বাঙ্গিন উন্নয়নৰ দাবী জনায়।

লগতে অনুষ্ঠানটোত উপস্থিত থাকে  বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ;কলিয়াবৰ জিলা বি জে পিৰ সভাপতি বাবুল বৰা ;তেঁতেলীসৰা গাওঁ পঞ্চায়তৰ সভানেত্ৰী প্ৰীতি দাস আদি।নিশাৰ ভাগলৈ অনুস্থিত হোৱা সাস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে ভাস্কৰ অপচেৱেলে

কামপুৰ