কামপুৰৰ বৰচুংত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট...

কামপুৰৰ বৰচুংত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট...

author-image
Asomiya Pratidin
New Update
কামপুৰৰ বৰচুংত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট...

ডিজিটেল সংবাদ,কামপুৰঃ কপিলী নদীৰ গৰাখহনীয়া আৰু প্ৰতিৰোধৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামপুৰৰ বৰচুংত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কামপুৰ আঞ্চলিক আৰু বৰচুংবাসীৰ সহযোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত জলসম্পদ বিভাগৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে।

উল্লেখ্য যে এবছৰ পূৰ্বে জলসম্পদ বিভাগে নিৰ্মাণ সম্পূৰ্ণ কৰা বৰচুংৰ ছশ মিটাৰ দৈৰ্ঘ্যৰ শৈল্য বান্ধটো ইতিমধ্যেই খহি যোৱাত কামপুৰ অঞ্চললৈ ভয়াবহ সংকট নমাই আনিছে। ৰাইজে এই বান্ধটো নিৰ্মাণত জড়িত থকা বিৰুদ্ধে তদন্ত বিচাৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

Also Read: নিৰ্মলা সীতাৰমণৰ বাজেটে বিহাৰ, অন্ধ্ৰপ্ৰদেশক কি কি দিলে...

kampur protest