/asomiyapratidin/media/media_files/2025/11/29/ujjjdd-2025-11-29-12-03-52.jpg)
ডিজিটেল সংবাদ, কামপুৰঃ মধ্য অসমৰ সৰ্ববৃহৎ উচ্ছেদৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ৷ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী বনাঞ্চলৰ বেদখলকাৰীৰ কবলত থকা ভুমিত উচ্ছেদ আৰম্ভ কৰিছে প্ৰশাসনে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/36ced3a0-e5ec-42c1-944b-d9135ef3a0c8-2025-11-29-11-59-10.jpg)
ৰাজ্যৰ বেদখলকাৰীয়ে ৰেহাই নাপাব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই প্ৰায়েই ঘোষণা কৰি অহাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত অব্যাহত আছে উচ্ছেদ অভিযান । চৰকাৰী তথা বনভূমিত হৈ থকা বেদখল উচ্ছেদৰ বাবে এতিয়া তৎপৰ হৈ পৰিছে নগাঁও জিলা প্ৰশাসন ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/ad3943e2-5c32-4e92-8d9e-9099ce993892-2025-11-29-11-59-25.jpg)
নিৰ্দিষ্ট সময়ত স্বেচ্ছাই চৰকাৰী অথবা বনভূমি ত্যাগ নকৰিলে উচ্ছেদ চলাই হ'লেও চৰকাৰী ভূমি বেদখলমুক্ত কৰা হ'ব বুলি পৰিযাল সমূহলৈ জাননী প্ৰেৰণ কৰিছে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/75e7da80-4c38-47b9-aff5-537660935ccc-2025-11-29-11-59-36.jpg)
প্ৰশাসনৰ জাননী লাভ কৰাৰ পাছতেই বহু বেদখলকাৰীয়ে নিজেই চৰকাৰী ভূমি ত্যাগ কৰিছে যদিও একাংশ লোক সেই স্থানতে থকাত উচ্ছেদৰ বাবে সাজু হৈছে জিলা প্ৰশাসন ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/5d54c3c3-86ef-4034-9e8b-fdbf43652146-2025-11-29-11-59-46.jpg)
৫৯৬২ বিঘা মাটিত বৰ্তমান উচ্ছেদৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন । জিলা প্ৰশাসনে ৪ টাকৈ শিবিৰ স্থাপন কৰিছে উচ্ছেদৰ বাবে ।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/29/f7189b09-1e8e-49ef-b369-bc31eced3144-2025-11-29-11-59-57.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us